এতিয়া বগৰী খোৱাৰ সময় শীতৰ আগমনৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰ ভিতৰত এটি বিশেষ ফলে স্থানলাভ কৰে সেইটোৱে হৈছে বগৰী। বৰ্তমান গাঁৱে ভূঞে সকলোতে বগৰীয়ে বিশেষ আদৰ লাভ কৰিছে। বিশেষকৈ গাঁৱৰ প্ৰতিঘৰতে বগৰীৰ গছ দেখিবলৈ পোৱা যায় যদিও মিঠা আৰু টেঙা দুয়োটা সোৱাদৰ বগৰী পোৱা যায়। ভিন্ন ধৰণৰ সোৱাদৰ লগতে বগৰীৰো বিভিন্ন প্ৰকাৰ আছে। কিছুমান বগৰীৰ উৎপাদন শীত কালত হয় যদিও কিছুমান বগৰীৰ উৎপাদন খৰালি কালত হোৱা দেখা যায়। আহোম বগৰী, নৰা বগৰী, বঙালী বগৰী, বালিয়া বগৰী আদি বিভিন্ন প্ৰকাৰৰ বগৰী অসমৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় । বিশেষকৈ এই সময়ত বনভোজ স্হলীত বালিয়া বগৰীয়ে বিশেষ স্হান লাভ কৰা দেখিবলৈ পোৱা গৈছে । বগৰীবোৰ নিমখত দি শুকুৱাই বনভোজস্থলীত বিক্ৰী কৰাৰ লগতে বগৰীবোৰ ৰ’দত শুকুৱাই লৈ তেলত ভাজি লৈ বিক্ৰী কৰাও দেখিবলৈ পোৱা গৈছে । বহুতৰ বাবে বগৰী এবিধ ভাল লগা আৰু প্ৰিয় ফল। পিছে বগৰীৰো আছে বহু ঔষধি গুণ। মানুহৰ শৰীৰত যোগাত্মক প্ৰভাৱ পেলায় বগৰীয়ে। এই সন্দৰ্ভত শিৱসাগৰৰ Naturopathy Health Consultor ৰমেন শৰ্মাই কয় যে,মানুহৰ স্বাস্থ্যৰ বাবে বগৰী অতিকৈ প্ৰয়োজনীয়। বগৰীৰ শিপা থেতেলিয়াই তাৰ ৰস খালে কাহ ভাল হয়। বমি ভাবহ’লে বগৰী খালে এই বমি ভাবদূৰ হয়। মহিলাসকলৰ বগাস্ৰাৱ পৰিলে দুইৰ পৰা তিনি গ্ৰাম বগৰী ছালৰ গুড়ি খালে এই ৰোগ নিৰাময় হয়। প্ৰস্ৰাৱ বন্ধ হ’লে বগৰীৰ সৈতে দহৰ পৰা পোন্ধৰটামান জিৰা পিহি খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়। বগৰী গছৰ কোমল পাত পিহি তাৰ ৰস খালে জ্বৰ নিৰাময় হয়। দাঁত দুৰ্বল হ’লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুল কুলি কৰিলে দাঁত সুস্হ হয়। মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে ভাল ফল পোৱা যায়। অনবৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুড়ি নাইবা বগৰী দুশ গ্ৰাম মান খালে ভাগৰ কমি যায়। ইয়াৰোপৰি বগৰী গছৰ বাকলি গুড়ি কৰি খালে ডায়েৰিয়া ভাল হয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.