একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰি সোমবাৰে পুৱা দক্ষিণ ব্লকৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হয়। বহুকেইগৰাকী পুৰণি মন্ত্ৰীৰ দপ্তৰত কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু এই কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনবোৰ মন্ত্ৰালয় পালে জানেনে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে চৰকাৰী মন্ত্ৰীসকলক বিভাগ (মন্ত্ৰালয়) আবণ্টন দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয় আৰু আন সকলো বিভাগ যিবোৰ কোনো মন্ত্ৰীৰ বাবে আবণ্টিত হোৱা নাই, সেইবোৰৰ দায়িত্ব গ্ৰহণ কৰে। অমিত শ্বাহক পুনৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু সহযোগিতা মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ৰাজনাথ সিঙকো পুনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। নীতিন গাডকাৰীকো পুৰণি মন্ত্ৰালয়তে ৰাখি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। সুব্ৰমণিয়াম জয়শংকৰক বৈদেশিক মন্ত্ৰী আৰু নিৰ্মলা সীতাৰমনক বিত্ত আৰু কৰ্পৰেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰায়বোৰ চৰকাৰী মন্ত্ৰীৰ পুৰণি দপ্তৰেই ৰখা হৈছে। চৰকাৰৰ আন আন মন্ত্ৰীসকলৰ কথা ক’বলৈ গ’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰাসায়নিক আৰু সাৰ, শিৱৰাজ সিং চৌহানক কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ প্ৰদান কৰা হৈছে। অশ্বিনী বৈষ্ণৱক ৰে’লৱে আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দৰেই কেন্দ্ৰীয় জল-পৰিবহণ, জাহাজ বন্দৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে শান্তনু ঠাকুৰক জল-পৰিবহণ, জাহাজ বন্দৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। গজেন্দ্ৰ সিং শ্বেখাৱটক কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে সুৰেশ গোপী আৰু ইন্দ্ৰজিৎ সিঙক সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। পীয়ূষ গোৱেলক বাণিজ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। প্ৰহ্লাদ যোশীক গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। অন্নপূৰ্ণা দেৱীক কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। আনহাতে, চিৰাগ পাছোৱানক কেন্দ্ৰীয় খাদ্য সংশোধন উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। এইচ ডি কুমাৰস্বামীক গুৰু উদ্যোগ আৰু তীখা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। জ্যোতিৰাদিত্য সিন্ধিয়াক টেলিকম আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। মনসুখ মাণ্ডব্যক শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ভূপেন্দ্ৰ যাদৱক কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰভনীট বিট্টুক সংখ্যালঘূ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। হৰদ্বীপ পুৰীক পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। চি আৰ পাটিলক কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাম মোহন নাইডুক কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.