NEWS

ডিফুত নিশা চাঞ্চল্যকৰ ঘটনা! শুই থকা অৱস্থাতে গুলীয়াই হত্যা ২৩ বছৰীয়া যুৱতীক

ডিফুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা গুলীয়াই হত্যা কৰা হয় এগৰাকী যুৱতীক। শুকুৰী তিছ’পী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক নিশাই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ বৰ্ণনা অনুসৰি, সোমবাৰে মাজ নিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে। ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। জানিব পৰা মতে, নিশা কেঁচা ঘৰৰ পিৰালিৰ তলেৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। অসমৰ বাতৰি / খবৰ / অসম / Karbi Anglong News: ডিফুত নিশা চাঞ্চল্যকৰ ঘটনা! শুই থকা অৱস্থাতে গুলীয়াই হত্যা ২৩ বছৰীয়া যুৱতীক Karbi Anglong News: ডিফুত নিশা চাঞ্চল্যকৰ ঘটনা! শুই থকা অৱস্থাতে গুলীয়াই হত্যা ২৩ বছৰীয়া যুৱতীক সোমবাৰে মাজ নিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে। ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। অধিক পঢ়ক … 1-MIN READ Assam Diphu,Karbi Anglong,Assam Last Updated : June 11, 2024, 10:37 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি ডিফুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা গুলীয়াই হত্যা কৰা হয় এগৰাকী যুৱতীক। শুকুৰী তিছ’পী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক নিশাই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ বৰ্ণনা অনুসৰি, সোমবাৰে মাজ নিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে। ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। জানিব পৰা মতে, নিশা কেঁচা ঘৰৰ পিৰালিৰ তলেৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Crime , Crime Against Woman , Crme News , Diphu , Karbi Anglong First Published : June 11, 2024, 8:07 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.