হিন্দী চিনেমাৰ দৰে এক শিহৰণকাৰী ঘটনা। পিতৃৰ পৰকীয়া প্ৰেমৰ বাবে পুত্ৰ হ’লগৈ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খলনায়ক। এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি পাহাৰ। ডিফুৰ শুকুৰি তিছ’পীৰ হত্যাকাণ্ডৰ নতুন পাক লাগিছে। ডকাইতি নহয় শুকুৰি হত্যাকাণ্ডৰ আঁৰত আছিল পৰকীয়া প্ৰেম। এই হত্যাকাণ্ডৰ তদন্তৰ অন্তত আটক হোৱা মুক্ৰাং তেৰাং নামৰ যুৱকজনৰ পিতৃ হাৰছিং তেৰাঙৰ পিতৃৰ সৈতে আছিল শুকুৰিৰ প্ৰেমৰ সম্পৰ্ক। বিগত প্ৰায় ৩ বছৰ ধৰি শুকুৰিৰ প্ৰেমত অন্ধ হৈ আছিল হাৰছিং। কেৱল এয়াই নহয় মুক্ৰাঙৰ স্বীকাৰোক্তি অনুসৰি শুকুৰি তিছ’পীক ঘৰ নিৰ্মাণ কৰি দিছিল মুক্ৰাঙৰ পিতৃ হাৰছিং তেৰাঙে। শুকুৰি আৰু হাৰছিঙৰ প্ৰেমৰ কথা জানিছিল শুকুৰিৰ ভগ্নীয়েও। প্ৰেমত মগন হৈ থকা মুক্ৰাঙৰ পিতৃ হাৰছিং তেৰাঙে বিভিন্ন সা-সামগ্ৰীৰ উপৰিও শুকুৰিৰ প্ৰসাধনৰ বস্তুও যোগান ধৰি আহিছিল। পিতৃ আৰু শুকুৰিৰ প্ৰেমৰ কথা ডেৰ বছৰ পূৰ্বে গম পাইছিল মুক্ৰাঙে। দেউতাকৰ অবৈধ প্ৰেম সহ্য হোৱা নাছিল মুক্ৰাঙৰ। এনে কাৰণতে পিতৃৰ অবৈধ প্ৰেয়সীক হত্যাৰ ষড়যন্ত্ৰত নামি পৰিছিল মুক্ৰাং। ঠিক যেন হিন্দী ক্ৰাইম থিলাৰ দৰে এক ৰহস্যঘন কাহিনী। শুকুৰি হত্যাত মুক্ৰাঙক সহযোগ কৰিছিল ৰাংছিনা ৰংপি, প্ৰবীণ ৰংপি। প্ৰবীণ ৰংপি আছিল প্ৰাক্তন বিদ্ৰোহী সংগঠন কেপিএলটি (আৰ)ৰ সদস্য। পিতৃৰ প্ৰেয়সীক হত্যাৰ বাবে ডিমাপুৰৰ পৰা এটা ৭.৬৫ পিষ্টল আনিবলৈ ৰাংছিনাই দিছিল ৫০ হাজাৰ টকা দিছিল। শুকুৰিৰ হত্যাৰ দিনা মুক্ৰাঙৰ বন্ধুৰ সৈতে চাৰিওজন বাহৰ পাতিছিল ডিফুৰ কামাখ্যা হোটেলৰ কোঠাত। প্ৰবীণ ৰংপি সিন্ধি খান্দি শুকুৰিৰ বাসগৃহত প্ৰৱেশ কৰিছিল। আৰু তাৰ পিছতে সংঘটিত হৈছে সেই নৃশংস হত্যাকাণ্ড। শুকুৰিক হত্যা কৰাৰ পাছত মাটিপুঙৰ ৰংবাৰিম এলেকাত তথা দলদলি-ধনশিৰি ৰাস্তাত ৭.৬৫ পিষ্টলটো কলপাতেৰে মেৰিয়াই লুকুৱাই থৈছিল। ১১ জুনৰ নিশা হত্যাৰ পাছতে পলাতক আছিল শুকুৰি হত্যাকৰা ৫ জনীয়া হত্যাকাৰীৰ দলটো। আৰক্ষীয়ে ১৪ জুনত আটক কৰিছিল মুক্ৰাং আৰু ৰাংছিনাক। আনহাতে প্ৰাক্তন কেপিএলটি সদস্য প্ৰবীণ ৰংপিক ১৬ জুনত আটক কৰিছিল। আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু এ.এছপি ক্ৰাইম জয়ন্ত বৰুৱাৰ নেতৃত্বত আটক কৰিছিল। আজি পুৱতি নিশা আৰক্ষীয়ে ৭.৬৫ পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৩৯/২০২৪ নং ছেক্সন বি/৩০২ আইপিচি আৰ ডাব্লু ছেক্সন ২৫(১)এ ২৭/৩৫ আৰ্মছ এক্টৰ আধাৰত আটক কৰা হৈছে। কিন্তু সুন্দৰ কাৰ্বি পাহাৰত সংঘটিত হোৱা এই হত্যাকাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.