পশ্চিম বংগত অসম আৰক্ষীৰ STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু পৰিদৰ্শক বিদ্যুৎ বসুমতাৰীৰ নেতৃত্বত STFৰ এটা দল৷ কাৰাৰুদ্ধ জেহাদী তাৰিকুল ইছলামক ট্ৰেনজিট ৰিমাণ্ডত ল’ব STFএ৷ জে’লৰ ভিতৰতে দেশৰ বিভিন্ন প্ৰান্তত তাৰিকুল ইছলামে জেহাদীৰ শ্লীপাৰ চেলসমূহ শক্তিশালী কৰিবলৈ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল৷ পশ্চিম বংগৰ বৰ্ধমান জিলাৰ খগ্ৰাগড়ত ২০১৪ৰ ২ অক্টোবৰত সংঘটিত JMBৰ বোমা নিৰ্মাণকাৰী ফ্লেটত বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল তাৰিকুল ইছলাম৷ তাৰিকুলৰ বিৰুদ্ধে NIAই দাখিল কৰি থৈছে অভিযোগনামা৷ বৰ্তমান পশ্চিম বংগৰ বেহৰামপুৰ জে’লত বন্দী হৈ আছে তাৰিকুল৷ বেহৰামপুৰ জে’লতেই অসম-পশ্চিম বংগত পুনৰ জেহাদীৰ শ্লীপাৰ চেল শক্তিশালী কৰা, কূটাঘাতৰ পৰিকল্পনা কৰা আৰু RSS তথা হিন্দুত্ববাদী একাংশ নেতাক আক্ৰমণৰ টাৰ্গেট কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছিল তাৰিকুল ইছলামে৷ এই ব্লুপ্ৰিণ্টৰ অংশ আছিল আব্বাছ আলী নামৰ আনছাৰ অল ইছলামৰ এজন সদস্য৷ পূৰ্বে আনছাৰ উল বাংলা টীম, চমুকৈ ABTক বৰ্তমান আনছাৰ অল ইছলাম, চমুকৈ AAI হিচাপে জনা যায়৷ ২০১৫ৰ অক্টোবৰত ঝাৰখণ্ডৰ পৰা NIAয়ে গ্ৰেপ্তাৰ কৰিছিল তাৰিকুল ইছলামক৷ তাৰিকুল ইছলাম বাংলাদেশী নাগৰিক৷ ২০১২ত পশ্চিম বংগ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল৷ বাংলাদেশৰ জে’লত JMBৰ শীৰ্ষ নেতা শ্বেইখ ৰেহমাতুল্লাহ ওৰফে ছাজিদৰ সান্নিধ্যলৈ আহিছিল তাৰিকুল৷ এক অপৰাধৰ গোচৰত পাঁচ বছৰ বাংলাদেশৰ জে’লত আছিল তাৰিকুল৷ ভাৰতত প্ৰৱেশ কৰাৰ পাছত পশ্চিম বংগ, বিহাৰ আৰু ঝাৰখাণ্ডত JMBৰ শ্লীপাৰ চেল প্ৰস্তুত কৰাৰ কাম কৰি আহিছিল৷ লগতে বৰ্ধমানৰ খগ্ৰাগড়ত বোমা নিৰ্মাণ, হাত ঘড়ীত বোমা সংস্থাপন কৰি দেশৰ বিভিন্ন প্ৰান্তত কূটাঘাতৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল তাৰিকুলে৷ বৰ্ধমানৰ শিমলুৱা মাদ্ৰাছাত অসম, পশ্চি মবংগ, ঝাৰখাণ্ডৰ একাংশ যুৱকক জেহাদৰ প্ৰশিক্ষণ দিয়াৰ অন্যতম নেতা আছিল তাৰিকুল ইছলাম৷ তাৰিকুলে ভুৱা নথিৰে বনাইছিল ভাৰতীয় আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড৷ তাৰিকুলক সুমন, ৰাইহান শ্বেইখ আৰু ছাদিক নামেৰেও জনাজাত৷ ২০১২ত ভাৰতত প্ৰৱেশ কৰাৰ পাছত বৰ্ধমানৰ পৰা এগৰাকী ভাৰতীয় কিশোৰীক বিয়া কৰাইছিল তাৰিকুলে৷ ২০১৯ৰ ২৮ আগষ্টত NIAএ তাৰিকুল ইছলামসহ ১৯ গৰাকী জেহাদীৰ বিৰুদ্ধে ক’লকাতাৰ আদালতত বৰ্ধমান বিস্ফোৰণৰ সন্দৰ্ভত অভিযোগনামা দাখিল কৰিছিল৷ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.