NEWS

সুৰৰ ডঁৰিয়লি ২০২৪ঃ গুৱাহাটী স্কুল অৱ মিউজিকৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশিষ্ট বেহেলাবাদক মনোজ বৰুৱা (Manoj Baruah) আৰু ড° পূৰৱী শৰ্মা (Dr Purabi Sarma)ৰ পৰিচালনাৰে গুৱাহাটী স্কুল অৱ মিউজিক (Guwahati School of Music)ৰ ‘সুৰৰ ডঁৰিয়লি ২০২৪’ (Xuror Doriyoli 2024) শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। চাওতে চাওতে ২ এপ্ৰিলত ১৯টা বসন্ত অতিক্ৰম কৰিলে ‘গুৱাহাটী স্কুল অৱ মিউজিক’ নামৰ ব্যক্তিগত সংগীত শিক্ষানুষ্ঠানখনে। মঙলবাৰে ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (Srimanta Sankaradeva Kalakshetra)ৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ (Sri Sri Madhavadeva International Auditorium)ত সন্ধিয়া আয়োজন কৰা হয় ‘সুৰৰ ডঁৰিয়লি ২০২৪’ শীৰ্ষক এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ। এই সাংস্কৃতিক অনুষ্ঠানত ‘গুৱাহাটী স্কুল অৱ মিউজিক’ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানটোৰ পৰিচালক বিশিষ্ট বেহেলাবাদক মনোজ বৰুৱা আৰু ড° পূৰবী শৰ্মাৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত শিল্পী তথা বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে কটন বিশ্ববিদ্যালয় (Cotton University)ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকা, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি প্ৰতিষ্ঠান (Anundoram Borooah Institute of Language Art & Culture)ৰ সদ্য অৱসৰপ্ৰাপ্ত সঞ্চালক তথা অধ্যাপক ড০ দিলীপ কলিতা, গণশিল্পী তথা বিশিষ্ট পিয়ানোবাদক ঘনকান্ত ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি। সাংস্কৃতিক অনুষ্ঠানত বেহেলা পৰিৱেশন কৰে আমন্ত্ৰিত বিশিষ্ট অতিথি উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকা, অধ্যাপক ড০ দিলীপ কলিতাই। বিশিষ্ট পিয়ানোবাদক ঘনকান্ত ডেকায়ে পিয়ানো পৰিৱেশন কৰে। অনুষ্ঠানত ‘গুৱাহাটী স্কুল অৱ মিউজিক’ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখযোগ্য যে, ৪ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত। অসমবাসীৰ বাবে গৌৰৱৰ কথা যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বেহেলাবাদক মনোজ বৰুৱা আৰু ড° পূৰবী শৰ্মাৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা তেওঁলোকৰ শিক্ষানুষ্ঠানৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে বলিউডৰ চিনেমাৰ গান, অৰুণাচলৰ কিছু গানৰ লগতে অসমৰ বহু গানতো কাম কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.