NEWS

নলবাৰীত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, ধুমুহাত তচনচ বিভিন্ন অঞ্চল

Storm hits in different parts of Nalbari নলবাৰীত প্ৰচণ্ড ধুমুহাৰ তাণ্ডব। দেওবাৰে নিশা নলবাৰীৰ পশ্চিম প্ৰান্তৰ বিভিন্ন অঞ্চলত ধুমুহাই চলালে তাণ্ডব। জিলাখনৰ বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। বিভিন্ন প্ৰান্তত বিদ্যুতৰ খুটা উভালি পৰে। এতিয়ালৈ ব্যাহত হৈ আছে বিদ্যুৎ যোগান। পশ্চিম নলবাৰীৰ দৌকুছি খাগ্ৰাবাৰী অঞ্চল, শণিৰোড, পানীগাওঁ, গন্ধিয়া, বেলশৰ, ককয়া, নলিচা, শোলমাৰা আদিকে ধৰি কেইবাখনো গাৱত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাৰ লগতে বাসগৃহৰো যথেষ্ট ক্ষতিসাধন হয়। নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত ধুমুহাৰ প্ৰকোপ আছিল যথেষ্ট বেছি। ইয়াৰ লগতে জিলাখনৰ আন প্ৰান্ততো কম বেছি পৰিমাণে ক্ষতি হৈছে যদিও পশ্চিম নলবাৰীৰ প্ৰতিটো অঞ্চলতেই দেখা গৈছে এক কৰুণ পৰিস্থিতি। অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে ধুমুহাই ক্ষতি কৰা গাওঁসমূহত। ধুমুহাত গছ উভালি পৰাৰ ফলত বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বিভিন্ন দোকান পোহাৰ, বিদ্যালয় গৃহৰো যথেষ্ট ক্ষতিসাধন হয়। বিভিন্ন প্ৰান্তত মূল পথৰ ওপৰতেই প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ পিছতেই এতিয়া যাতায়ত ক্ষেত্ৰতো সৃষ্টি হৈছে সমস্যাৰ। ইফালে পশ্চিম নলবাৰীৰ সকলোফালে গছ বাগৰি পৰাৰ লগে লগে বৈদ্যুতিক খুটাসমূহো ছিগি যোৱাৰ ফলত বিদ্যুত যোগান সম্পূৰ্ণ বন্ধ হৈ পৰিছে। নিশা নলবাৰীৰ এটা ব্যস্ত পথ পাল্লাৰোডৰে যাতায়াত সম্পূৰ্ণ বিছিন্ন হৈ পৰে, পাল্লাৰোডৰ খাৰাজাৰা আশ্ৰমত সন্মুখত প্ৰকাণ্ড গছ বাগৰি মূল পথছোৱা বন্ধ হৈ পৰা ফলত বহু যান-বাহন আৱদ্ধ হৈ পৰে। প্ৰচণ্ড ধুমুহাই জোকাৰি যোৱাৰ পিছতেই এতিয়া সকলোৱে বিচাৰিছে জিলা প্ৰশাসনৰ সহায়। এইক্ষেত্ৰত ধুমুহাত আক্ৰান্ত ৰাইজৰ ক্ষেত্ৰত তাক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ৰাইজে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.