NEWS

‘DPRC বঁটা-২০২৪’ প্ৰদান: জে পি দাস, গৌতম শৰ্মা, ডাঃ পংকজ অধিকাৰীক প্ৰদান ‘DPRC বঁটা-২০২৪’

উত্তৰ পূবৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ DPRC দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে নলবাৰীত ’দিপিআৰচি বঁটা ২০২৪’ প্ৰদান কৰা হয়৷ নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশিষ্ট চিকিৎসক ডাঃ পংকজ অধিকাৰী আৰু যশস্বী সংগীত শিল্পী জে পি দাসক চিকিৎসা সেৱা আৰু সংস্কৃতি ক্ষেত্ৰৰ বঁটা প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ আনহাতে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক DPRCৰ সাংবাদিকতাৰ বঁটা প্ৰদান কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জীৱ কৃষ্ণই। অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল খ্যাতনামা কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতৰ শৰাই৷ এটাৰ পাচত আনটো জনপ্ৰিয় গীতেৰে উপস্থিত দৰ্শকসকলক নষ্টালজিক কৰি তোলে৷ জে পি দাস আৰু দ্বীপেন বৰুৱাই একেলগে ‘পৰিচয় বিহীন’ গীতটি গোৱাৰ লগে লগে প্ৰেক্ষাগৃহত দৰ্শকৰ হাত তালিৰ জোৱাৰ উঠে৷ অনুষ্ঠানত স্মৰণিকা ’ফিনিক্স’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু অনাতাঁৰ বিষয়া অসীম কুমাৰ কাজিয়ে৷ DPRCৰ জুৰী কমিটিৰ সদস্য প্ৰণয় বৰদলৈৰ লগতে নলবাৰীৰ ১২গৰাকী বিশিষ্ট ব্যক্তিক দিপিআৰচিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ দিপিআৰচিৰ অধ্যক্ষ দিগন্ত দাসৰ মাতৃ ডালিমী দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নকুল দাস আৰু তৃষাৰাণী দাসে লোকগীত, মুকাভিনয়শিল্পী জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে মুকাভিনয় আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুল আৰু ৰঙ্গতীৰ্থৰ দুটি দলে নৃত্যানুষ্ঠান পৰিৱেশন কৰে। অসমৰ বাতৰি / খবৰ / অসম / ‘DPRC বঁটা-২০২৪’ প্ৰদান: জে পি দাস, গৌতম শৰ্মা, ডাঃ পংকজ অধিকাৰীক প্ৰদান ‘DPRC বঁটা-২০২৪’ ‘DPRC বঁটা-২০২৪’ প্ৰদান: জে পি দাস, গৌতম শৰ্মা, ডাঃ পংকজ অধিকাৰীক প্ৰদান ‘DPRC বঁটা-২০২৪’ উত্তৰ পূবৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ DPRC দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে নলবাৰীত ’দিপিআৰচি বঁটা ২০২৪’ প্ৰদান কৰা হয়৷ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : July 22, 2024, 11:27 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি উত্তৰ পূবৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ DPRC দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে নলবাৰীত ’দিপিআৰচি বঁটা ২০২৪’ প্ৰদান কৰা হয়৷ নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশিষ্ট চিকিৎসক ডাঃ পংকজ অধিকাৰী আৰু যশস্বী সংগীত শিল্পী জে পি দাসক চিকিৎসা সেৱা আৰু সংস্কৃতি ক্ষেত্ৰৰ বঁটা প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ আনহাতে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক DPRCৰ সাংবাদিকতাৰ বঁটা প্ৰদান কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জীৱ কৃষ্ণই। বিজ্ঞাপন অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল খ্যাতনামা কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতৰ শৰাই৷ এটাৰ পাচত আনটো জনপ্ৰিয় গীতেৰে উপস্থিত দৰ্শকসকলক নষ্টালজিক কৰি তোলে৷ জে পি দাস আৰু দ্বীপেন বৰুৱাই একেলগে ‘পৰিচয় বিহীন’ গীতটি গোৱাৰ লগে লগে প্ৰেক্ষাগৃহত দৰ্শকৰ হাত তালিৰ জোৱাৰ উঠে৷ অনুষ্ঠানত স্মৰণিকা ’ফিনিক্স’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু অনাতাঁৰ বিষয়া অসীম কুমাৰ কাজিয়ে৷ বিজ্ঞাপন DPRCৰ জুৰী কমিটিৰ সদস্য প্ৰণয় বৰদলৈৰ লগতে নলবাৰীৰ ১২গৰাকী বিশিষ্ট ব্যক্তিক দিপিআৰচিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ দিপিআৰচিৰ অধ্যক্ষ দিগন্ত দাসৰ মাতৃ ডালিমী দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নকুল দাস আৰু তৃষাৰাণী দাসে লোকগীত, মুকাভিনয়শিল্পী জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে মুকাভিনয় আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুল আৰু ৰঙ্গতীৰ্থৰ দুটি দলে নৃত্যানুষ্ঠান পৰিৱেশন কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Award First Published : July 22, 2024, 11:27 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.