পুষ্পাৰ প্ৰিমিয়াৰ চাবলৈ গৈ অঘটন। বহু প্ৰত্যাশিত ‘পুষ্পা ২- দ্য ৰুল’ ছবিৰ প্ৰিমিয়াৰ আছিল বুধবাৰে নিশা। হায়দৰাবাদৰ টি চি ক্ৰছ ৰোডৰ সন্ধ্যা থিয়েটাৰ নামৰ ছবিগৃহত সংঘটিত হ’ল কৰুণ ঘটনা। পদপিষ্ট হৈ প্ৰাণ গ’ল এগৰাকী মহিলাৰ। সংকটজনক অৱস্থাত এটি কণমানি শিশু। শিশুটি ৩৯ বৰ্ষীয় মহিলাগৰাকীৰ পুত্ৰ বুলি প্ৰাৰম্ভিক ধাৰণা কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম ৰেৱতী বুলি জানিব পৰা হৈছে। দুই পুত্ৰ সন্তানসহ স্বামীৰ সৈতে প্ৰিমিয়াৰত উপস্থিত হৈছিল ৰেৱতী নামৰ মহিলাগৰাকী। নিশা প্ৰায় ১০-৩০ বজাত সৃষ্টি হয় বিশৃংখলতা। বিশেষ প্ৰদৰ্শনীত উপস্থিত আছিল দক্ষিণৰ চাঞ্চল্য আল্লু অৰ্জুন। ছবিখনৰ মূল অভিনেতা আল্লু অৰ্জুনক লগ পাবলৈ লৰা-ঢপৰা কৰে অনুৰাগীয়ে। হায়দৰাবাদৰ পুলিচে লাঠিচালনা কৰিবলৈ বাধ্য হয় ভিৰ নিয়ন্ত্ৰণৰ বাবে। তেনে অৱস্থাতে পদপিষ্ট হয় বহুজন। এই ঘটনাতে মৃত্যুমুখত পৰে মহিলাগৰাকী। সামাজিক মাধ্যমত ব্যাপকৰূপত বিয়পি পৰিছে লৰা ঢপৰাৰ দৃশ্য। অতি কৰুণভাৱে এজন লোকে কণমানি এটিক কোলাত দাঙি নি প্ৰাৰম্ভিক চিকিৎসা কৰি থকাও দেখিবলৈ পোৱা গ’ল। ঘটনাৰ সময়ত ৰেৱতী নামৰ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছিল আৰক্ষী। কিন্তু টনা-আঁজোৰাত ঘটিল অঘটন। অতি সংকটজনক অৱস্থাত কণমানি শিশুটিক প্ৰেৰণ কৰা হৈছে ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ। অনুৰাগীক দৰ্শন দিবলৈ এখন উন্মুক্ত গাড়ীত আহিছিল আল্লু অৰ্জুন। দুৰ্ভাগ্যজনক ভাৱে সন্ধ্যা থিয়েটাৰৰ মূল প্ৰৱেশদ্বাৰো ভাঙি চুৰমাৰ হয় লৰা-ঢপৰাতে। আজিৰে পৰা দেশৰ বিভিন্ন ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২- দ্য ৰুল’ নামৰ ছবিখনে। পূৰ্বৰ ছবিখনৰ সকলো অভিলেখ ভংগ কৰিব বুলি আশা কৰিছে প্ৰযোজনা গোষ্ঠীয়ে। তাৰ মাজতে এনে দুৰ্ভাগ্যজনক ঘটনাই জোঁকাৰি গৈছে সকলোকে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.