এ আৰ ৰহমান আৰু মোহিনী দে’ৰ সম্পৰ্কৰ উৰাবাতিৰক লৈ অৱশেষত মুখ খুলিলে বেছ গীটাৰিষ্ট মোহিনী দে’ই। বিগত ১৯ নৱেম্বৰত এ আৰ ৰহমান আৰু পত্নী ছাইৰাৰ বিবাহ বিচ্ছেদৰ খবৰে স্তম্ভিত কৰিছিল সকলোকে। তাৰ ঠিক কেইঘণ্টা মানৰ পিছতে প্ৰৱাসী ভাৰতীয় গীটাৰিষ্ট মোহিনী দে’ই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতেই চৌদিশে বিয়পি পৰিছিল এক উৰাবাতৰি। এ আৰ ৰহমানৰ সৈতে কাম কৰা মোহিনী দে’ৰ সৈতে সম্পৰ্ক থকাৰ বাবে দুয়োৰে বিবাহ বিচ্ছেদ হোৱা বুলি চৌদিশে উৰাবাতৰি বিয়পি পৰে। তাৰ পিছতে এ আৰ ৰহমানৰ চৰিত্ৰৰ বিষয়ে চৌদিশে তীব্ৰ চৰ্চা হ’বলৈ ধৰিলে। অৱশ্যে এ আৰ ৰহমানৰ সদ্য বিবাহ বিচ্ছেদ হোৱা পত্নী ছাইৰা বানু আৰু তেওঁলোকৰ সন্তানে এই জল্পনা-কল্পনা সম্পূৰ্ণ মিছা বুলি প্ৰকাশ কৰিছিল। আনকি এনে খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিছে অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানে। এইবাৰ এই সন্দৰ্ভত মুখ খুলিলে বেছ গীটাৰিষ্ট মোহিনী দে’ই। তেওঁ কয়, ‘এনে উৰাবাতৰি কোনে বিয়পাইছে মই নাজানো। ছ’চিয়েল মিডিয়াত মই বহু পোষ্ট দেখি আচৰিত হৈছো। ভিত্তিহীন খবৰে মোক ব্যৰ্থিত কৰিছে। অনুগ্ৰহ কৰি মোৰ গোপনীয়তাক সন্মান কৰক।' আন এটা ভিডিঅ’ মেছেজযোগে মোহিনী দে’ই কয় যে মোৰ জীৱনত দেউতাকে ধৰি বহু গুৰুত্বপূৰ্ণ মানুহ আছে। তাৰ ভিতৰত এ আৰ ৰহমান ছাৰ অন্যতম। তেওঁৰ লগত ৮ বছৰতকৈও অধিক সময় কাম কৰিছো। ছাৰৰ পৰা বহুখিনি শিকিছো। অকাৰণতে ৰহমান ছাৰক কলংকিত কৰা হৈছে। ৰহমান ছাৰ মোৰ দেউতাতকৈ ডাঙৰ। প্ৰসংগক্ৰমে ছাইৰা বানুৰে বিবাহ বিচ্ছেদ হোৱাৰ পিছতে ৰহমানৰ নামৰ সৈতে নাম সাঙোৰ খাই পৰিছিল মোহিনী দে’ৰ। মোহিনীয়ে কয়, ‘মোক অকলশৰে থাকিবলৈ দিয়ক। শান্তিত থাকিবলৈ দিয়ক। অনাহক বিতৰ্কলৈ মোক টানি নানিব। মই মোৰ কামত মনোনিৱেশ কৰিব বিচাৰো। ৰহমান ছাৰৰ ওপৰত মিছা অভিযোগ দিয়া বন্ধ কৰক।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.