Amazing health benefits of bael juice ৰাজ্যত এতিয়া বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। উত্তাপ বৃদ্ধিৰ লগে লগে আমাৰ দেহতো বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গৰমৰ এই সময়ত খাদ্যাভাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। গ্ৰীষ্মকালত দেহৰ অতি উপকাৰী বেলৰ চৰবত। কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি একে সময়তে বিভিন্ন ক্ষেত্ৰত বেলৰ যথেষ্ট লাভজনক গুণ আছে। এই সন্দৰ্ভত আয়ুৰ্বেদিক বিশেষজ্ঞ তথা পৰামৰ্শদাতা ঘনশ্যাম মেধিয়ে বেল আৰু বেল ৰসৰ উপকাৰিতাৰ কথা ব্যক্ত কৰে। গ্ৰীষ্মৰ এই সময়ত বেলৰ ৰস দেহৰ বাবে যথেষ্ট উপকাৰী। বেলৰ চৰবতে শৰীৰ ঠাণ্ডা কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি তোলে। বেলৰ ৰস হৃদৰোগত আক্ৰান্ত ৰোগীৰ বাবেও উপযোগী। তেজ পৰিষ্কাৰ কৰাত বেলৰ ৰস অতি গুৰুত্বপূৰ্ণ। তেজ পৰিষ্কাৰ কৰাৰ বাবে বহু প্ৰকাৰৰ ঔষধ আছে যদিও বেলৰ ৰসে প্ৰাকৃতিকভাৱে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। পুৱা খালী পেটত বেলৰ ৰস খাব পাৰে, অন্য খাদ্য গ্ৰহণ কৰাৰ পিছত বেলৰ ৰস খাব নালাগে, তেনে কৰিলে এয়া দেহৰ বাবে ক্ষতিকাৰক হয়। কিন্তু কেতিয়াবা বেলৰ ৰস বনাই খাইছেনে, যদিহে পোৱা নাই, কেনেকৈ সহজতেই ঘৰতেই প্ৰস্তুত কৰিব বেলৰ ৰস? প্ৰয়োজনীয় সামগ্ৰীঃ ১/বেল২/ ১ লিটাৰ পানী ৩/ ২০০ গ্ৰাম চেনি (ৰুচি অনুসৰি) ৪/ ২ চামুচ জিৰাৰ গুড়ি ৫/ ৪ চামুচ ক’লা নিমখ ৬/ ৰুচি অনুসৰি পদিনা পাত। পদ্ধতিঃ বেল ফল ভালদৰে ধুই খোলা উলিয়াই তাৰ গুড়ি উলিয়াই লওক। কেৰাহীত নিৰ্দিষ্ট পৰিমাণৰ পানী দি উতলাই লওক। উতলি থকা পানীত বেলৰ গুৰি, চেনি, জিৰাৰ গুড়ি আৰু ক’লা নিমখ দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো ১০-১৫ মিনিট উতলাই লওক। গেছ বন্ধ কৰি মিশ্ৰণটো ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত মিশ্ৰণটো ফিল্টাৰ কৰি তাত পদিনা পাত দিব। এইদৰে বেলৰ চৰবত খোৱাৰ বাবে সাজু হৈ উঠে। ইয়াৰ উপৰিও বিভিন্ন ধৰণেৰে এই চৰবত প্ৰস্তুত কৰা হয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.