মুম্বাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুম্বাইত উদ্যাগপতিক সম্বোধন মুখ্যমন্ত্ৰীৰ। আগশাৰীৰ উদ্যোগপতিসকলৰ সৈতে মুখ্যমন্ত্ৰী মিলিত হয় বৈঠকত। ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম। ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব এডভাণ্টেজ আছাম। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ মাজত অৱস্থিত অসম, বিশ্বৰ ৩০ শতাংশ জনসংখ্যাক অসমৰ জৰিয়তে চুব পৰা যাব। বাণিজ্য আৰু বিনিয়োগৰ আদৰ্শ ৰাজ্যৰূপে গঢ়াৰ চেষ্টা কৰিছোঁ। অসমত প্ৰতিদিনে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। যোৱা ৩ বছৰত অসমত ৬৫ শতাংশ অপৰাধ হ্ৰাস পাইছে। মহিলাৰ বিৰুদ্ধেও অপৰাধ হ্ৰাস পাইছে অসমত। ৪ দশক ধৰি অসমৰ উদ্যোগৰ ভেটি আছিল পেট্ৰ’লিয়াম খণ্ড।’’ ‘‘ছেমি কণ্ডাক্টৰ প্ৰকল্পত বিনিয়োগৰ বাবে টাটাক ধন্যবাদ। ১০০০ টকাৰ বিনিয়োগ হ’লেও আমি আদৰণি জনাম। প্ৰতিটো বিনিয়োগ আমাৰ বাবে মূল্যবান। ক্ষুদ্ৰ, মজলীয়া, বৃহৎ সকলো বিনিয়োগক আদৰণি জনাইছোঁ। আমাৰ নীতি হৈছে ছিংগল লাইন ঔদ্যোগিক নীতি। বিনিয়োগৰ ক্ষেত্ৰত আমাৰ পন্থা আগ্ৰাসী হ’ব। কোনো ৰাজ্যই যদি ২৫% সাহায্য দিয়ে, আমি ২৬% দিম। উদ্যোগৰ প্ৰয়োজন অনুসাৰে শ্ৰম আইন সংশোধন কৰা হ’ব। ‘‘বিনিয়োগৰ বাবে য’ত য’ত পৰিৱৰ্তনৰ দৰকাৰ কৰা হ’ব। বিনিয়োগৰ সৈতে চৰকাৰী বিষয়াই কাম কৰিব। ৰাজ্য চৰকাৰেই নহয়, কেন্দ্ৰৰ কাম হ’লেও আমি সহযোগ কৰিম। আমি বিনিয়োগকাৰীৰ বাবে ২৫ হাজাৰ কোটি টকাৰ PLI ৰাখিছো। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে উন্নতি দুখন আঁচনি ঘোষণা কৰিব।’’ ‘‘অসমক ‘মেনুফেকচাৰিং হাব’লৈ পৰিৱৰ্তন কৰা আমাৰ লক্ষ্য। এডভাণ্টেজ আছামৰ মূল হ’ব বিনিয়োগ আৰু আন্তঃগাঁথনি। উদ্যোগৰ প্ৰয়োজন অনুসাৰে শ্ৰম আইন সংশোধন কৰা হ’ব।একালৰ অশান্ত অসম এতিয়া শান্তিপূৰ্ণ ৰাজ্য মোদীৰ নেতৃত্বত অসম বিকাশৰ পথত আগবাঢ়িছে।’’ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ইয়াৰ পূৰ্বে এডভাণ্টেজ আছামত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ জনাই, মুখ্যমন্ত্ৰীয়ে শনিবাৰৰ পৰা দেওবাৰ পৰ্যন্ত প্ৰায় একুৰি উদ্যোগপতি তথা উদ্যোগৰ শীৰ্ষ নেতৃত্বৰে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হৈছিল। ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামলৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে দেশৰ উদ্যোগপতিসকলক। TATA GROUPৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ, TATAৰ অধীনৰ কোম্পানীৰ CEO বৰ্গৰ সৈতে বৈঠকত বহে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইয়াৰ লগতে Tata Electronics, Tata Power, Tata Consumer Products, Tata Sons, Tata Strategic Management Group আৰু Indian Hotesৰ নেতৃত্বৰে আলোচনাত মিলিত হয় ৷ লগতে Sun Phramaৰ মুৰব্বীৰ সৈতেও বৈঠকত মিলিত হয়৷ শনিবাৰে এইসকল উদ্যোগপতিক সাক্ষাৎ কৰি অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ সাদৰৰে আমন্ত্ৰণ জনায়। ইয়াৰ উপৰিও HDFC বেংক, হিন্দুস্তান ইউনিলিভাৰ, Luxmi Estate, Welspun Group, মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ তথা বিষয়াক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণক লৈ মুখ্যমন্ত্ৰীয়ে ভূটানতো এক ৰোডশ্ব’ কৰিছিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.