NEWS

ম্যানমাৰৰ পৰা মণিপুৰলৈ অব্যাহত আছে অনুপ্ৰৱেশ, ২৬জন অনুপ্ৰৱেশকাৰীক ম্যানমাৰলৈ ঘূৰাই পঠালে BSFএ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে ম্যানমাৰৰ পৰা ৰাজ্যৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা ২৬ জন লোকক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। বীৰেন সিঙে লগতে কয় যে তেওঁৰ চৰকাৰ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে ‘‘মণিপুৰৰ মুকলি সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা ২৬জনীয়া ম্যানমাৰ নাগৰিকৰ এটা দলক নিজৰ দেশলৈ বিতাড়িত কৰা হৈছে।’’ মণিপুৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ দৃঢ় স্থিতি অব্যাহত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। সীমান্তৱৰ্তী ম’ৰে চহৰত থকা ৰাজ্যিক আৰক্ষী আৰু বিএছএফে ম্যানমাৰ কৰ্তৃপক্ষক বিদেশীকেইজনক গতাই দিয়াৰ কথাও জনাই মুখ্যমন্ত্ৰীয়ে। আৰু পঢ়ক: ‘‘আমি নিজে খেতি কৰিম, নিজে খাম, No Free… যি চৰকাৰেই নহওক, I Don’t Care, Free বস্তু নালাগে, Nothing is Free’’, তেজপুৰত মন্তব্য শিল্পী জুবিন গাৰ্গৰ নিৰাপত্তা বাহিনীৰে ৰাজ্যপালৰ বৈঠক: মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লাই শনিবাৰে আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), আছাম ৰাইফলছৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক বৈঠকত অধ্যক্ষতা কৰি ৰাজ্যৰ সৰ্বাংগীন নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ লৈ ৰাজ্যপালে সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দি সমগ্ৰ ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। 26 MYANMAR NATIONAL DEPORTED A group of 26 Myanmar nationals who entered India through Manipur’s porous border were deported to their home country today. The Government of Manipur reaffirms its commitment to providing humanitarian assistance to those fleeing war, ensuring… pic.twitter.com/BZrWPoLwqf ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দি ৰাজ্যপালগৰাকীয়ে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলক ৰাজ্যৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জানিবপৰামতে, মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, ডি জি পি ৰাজীৱ সিং, আই জি আৰ (দক্ষিণ) মেজৰ জেনেৰেল ৰাউৰূপ সিং আৰু চি আৰ পি এফ আৰু বি এছ এফৰ জ্যেষ্ঠ বিষয়াসকলে নিৰাপত্তা বৈঠকত অংশগ্ৰহণ কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.