NEWS

ডিব্ৰুগড়ৰ লাহোৱালৰ পাত্ৰ গাঁৱতো চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি

শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হৈছে ডিব্ৰুগড় লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো এতিয়া চলিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হৈছে ডিব্ৰুগড় লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি। ‘শালিকি চৰাইয়ে কিৰিলি পাৰিলে গছৰ গুটি খাবলৈ পায় আমাৰ নাচনীয়ে কিৰিলি পাৰিলে ব’হাগৰ বাতৰি পায়।’ সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিহুৰ কৰ্মশালা। সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছেডিব্ৰুগড়ৰ ঢুলীয়া নাচনী সকলো। হেঁপাহৰ বৰষুণ জাকে যেনেকৈ প্ৰকৃতিৰ যৌৱন কালৰ আগজাননী দিছে, ঠিক তেনেকৈ ডেকা গাভৰুৰ মনতো প্ৰকৃতিৰ যৌৱন কালৰ উন্মাদনাক লৈ বসন্ত কালক আদৰিবলৈ হেঁপাহ বাঢ়িছে। ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাত। বছৰেকৰ মূৰত ব’হাগৰ বিহুটিয়ে ভৰি থৈছেহি পদূলিত। ৰঙালীৰ আনন্দত ৰহণ চৰাই অসমৰ আকাশে বতাহে এতিয়া ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি সুৰ। নাচনীৰ গিৰিপনিত মুখৰ হৈছে চৌদিশ। আখৰাত ব‍্যস্ত হৈ পৰিছে ঢুলীয়া নাচনী। প্ৰকৃতিয়ে ন সাজত উঠলি উঠিব। চৌদিশে ৰমক জমক হৈ উঠিব প্ৰকৃতি। এইয়াই ব’হাগ,মুখৰিতহৈ পৰিছে ৰাজ্যৰ বিহুৰ বাকৰিসমূহ। ডিব্ৰুগড় জিলাৰ লাহোৱাল পাত্ৰ গাঁৱত অসম শিল্পী কানন লাহোৱাল আঞ্চলিক সমিতিৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা পৰিলক্ষিত হ’ল বিহু নাচৰ আখৰা। বৰ বিহুৱতী গিৰিমণি চেতিয়া গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰা বিহু নাচৰ প্ৰশিক্ষণত শতাধিক নাচনী য়ে অংশগ্ৰহণ কৰিছে। লাহোৱাল বাপুজী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱাবিহুনৃত্য আখৰাই বৃহত্তৰ লাহোৱাল অঞ্চলটোত লৈ আনিছে ৰঙালী বিহুৰ মাদকতা। অসমৰ বাতৰি / খবৰ / অসম / Dibrugarh News: ডিব্ৰুগড়তো চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি, ঢোল-পেঁপাৰ মাতেৰে ৰজনজনাইছে লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি Dibrugarh News: ডিব্ৰুগড়তো চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি, ঢোল-পেঁপাৰ মাতেৰে ৰজনজনাইছে লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হৈছে ডিব্ৰুগড় লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো এতিয়া চলিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি।শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হৈছে ডিব্ৰুগড় লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি। অধিক পঢ়ক … 1-MIN READ local18 Dibrugarh,Assam Last Updated : April 3, 2024, 5:46 pm IST Published By : Subham Goswami Reported By : Roktim Das সম্পৰ্কীয় বাতৰি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো এতিয়া চলিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। শতাধিক নাচনীৰ গিৰিপনিত মুখৰ হৈছে ডিব্ৰুগড় লাহোৱালৰ পাত্ৰ গাঁৱৰ বাকৰি। ‘শালিকি চৰাইয়ে কিৰিলি পাৰিলে গছৰ গুটি খাবলৈ পায় আমাৰ নাচনীয়ে কিৰিলি পাৰিলে ব’হাগৰ বাতৰি পায়।’ সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিহুৰ কৰ্মশালা। সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছেডিব্ৰুগড়ৰ ঢুলীয়া নাচনী সকলো। হেঁপাহৰ বৰষুণ জাকে যেনেকৈ প্ৰকৃতিৰ যৌৱন কালৰ আগজাননী দিছে, ঠিক তেনেকৈ ডেকা গাভৰুৰ মনতো প্ৰকৃতিৰ যৌৱন কালৰ উন্মাদনাক লৈ বসন্ত কালক আদৰিবলৈ হেঁপাহ বাঢ়িছে। বিজ্ঞাপন ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাত। বছৰেকৰ মূৰত ব’হাগৰ বিহুটিয়ে ভৰি থৈছেহি পদূলিত। ৰঙালীৰ আনন্দত ৰহণ চৰাই অসমৰ আকাশে বতাহে এতিয়া ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি সুৰ। নাচনীৰ গিৰিপনিত মুখৰ হৈছে চৌদিশ। আখৰাত ব‍্যস্ত হৈ পৰিছে ঢুলীয়া নাচনী। প্ৰকৃতিয়ে ন সাজত উঠলি উঠিব। চৌদিশে ৰমক জমক হৈ উঠিব প্ৰকৃতি। এইয়াই ব’হাগ,মুখৰিতহৈ পৰিছে ৰাজ্যৰ বিহুৰ বাকৰিসমূহ। ডিব্ৰুগড় জিলাৰ লাহোৱাল পাত্ৰ গাঁৱত অসম শিল্পী কানন লাহোৱাল আঞ্চলিক সমিতিৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা পৰিলক্ষিত হ’ল বিহু নাচৰ আখৰা। বৰ বিহুৱতী গিৰিমণি চেতিয়া গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰা বিহু নাচৰ প্ৰশিক্ষণত শতাধিক নাচনী য়ে অংশগ্ৰহণ কৰিছে। লাহোৱাল বাপুজী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱাবিহুনৃত্য আখৰাই বৃহত্তৰ লাহোৱাল অঞ্চলটোত লৈ আনিছে ৰঙালী বিহুৰ মাদকতা। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Dibrugarh , local18 , Rongali Bihu First Published : April 3, 2024, 5:46 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.