NEWS

কোনে ক’লা বজাৰত বিক্ৰী আৰম্ভ কৰিছে IPL টিকটৰ?

বৰ্ষাপাৰাত দুখনকৈ IPL মেচ। আজি বৰ্ষাপাৰাৰ সেউজীয়া ঘাঁহনিত ২২ গজৰ যুজঁত নামিব সঞ্জু চেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ আৰু চেম কৰণ নেতৃত্বাধীন পঞ্জাৱ কিংছে। কিন্তু খেলৰ পূৰ্বে ভয়ংকৰ খবৰ আহিছে পোহৰলৈ। খেলৰ কেইঘণ্টামান পূৰ্বে ক’লা বজাৰত বিক্ৰী হৈছে IPLৰ টিকট। বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত ক’লা বজাৰত বিক্ৰী আৰম্ভ কৰিছে টিকট। একাংশ অসাধু চক্ৰই ক’লা বজাৰত বিক্ৰী আৰম্ভ কৰিছে টিকট। ১০০০ টকাৰ টিকট বিক্ৰী হৈছে ১৫০০ টকাত, আনহাতে ১২০০ টকাৰ টিকট বিক্ৰী হৈছে ১৮০০ টকাত। আৰু পঢ়ক: মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে বৰ্ষাাপাৰাত অনুষ্ঠিত হৈছে IPL মেচ। বিগত বৰ্ষত বৰ্ষাপাৰাত ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ মুখামুখি হৈছিল পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছ। এইবাৰ বৰ্ষাপাৰাত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইৰ্ডাছ। আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাৱ কিংছৰ আনহাতে ১৯ মে’ত লীগ পৰ্যায়ৰ অন্তিমখন মেচত বৰ্ষাপাৰাত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইৰ্ডাছ। আৰু পঢ়ক: দিন হাজিৰা কৰিবলৈ ওলাই গৈছিল স্বামী! পত্নীয়ে বন্ধুৰ সৈতে ঘৰৰ ভিতৰত কৰি আছিল এই কাম, খঙৰ ভমকত স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন। চম্পাৱতী খেলপথাৰ, দতালপাৰাতো খেল যাবলৈ যোৱা লোকসকলে ৰাখিব পাৰিব তেওঁলোকৰ বাহন। আনহাতে, লুতুমা ফিল্ড, ৰোলিং মিল ফিল্ডতো ৰাখিব পাৰিব বাহনসমূহ। ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন আৰু মাণিবেগ। কিন্তু খেলৰ পূৰ্বে ক’লা বজাৰত টিকট বিক্ৰীয়ে হতচকিত কৰি তুলিছে ক্ৰিকেট অনুৰাগীক। আনহাতে ৰিয়ান চাবলৈও আশাবাদী ক্ৰিকেট প্ৰেমী। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.