আজি প্ৰভূ ৰামৰ পৰম ভক্ত ভগৱান হনুমানৰ জন্মজয়ন্তী। হনুমান জয়ন্তী দিনটোত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ভক্ত সকলে পালন কৰিছে হনুমান জয়ন্তী। প্ৰভূ হনুমানৰ ওচৰত আশীস বিচাৰি হনুমান মন্দিৰসমূহত ভক্ত সকলে মনোবাঞ্ছা পূৰণাৰ্থে কৰিছে পূজা অৰ্চনা,আগবঢ়াইছে নৈবদ্য। আজিৰ এই বিশেষ দিনটোত ভক্তসকলৰ অপায় অমংগল দূৰ কৰিবৰ বাবে জ্যোতিষী অপূৰ্ব জোনাক দত্তই আগবঢ়াইছে বহু দিহা পৰামৰ্শ। সকলো অশুভ, বিপদ-বিঘিনি, ৰোগ, ঋণ, আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰস্তুত কৰিছে হনুমান যন্ত্ৰ। এই সন্দৰ্ভত হনুমান ভক্ত সকলৰ উদ্দ্যেশি জ্যোতিষী অপূৰ্ব জোনাক দত্তই এনেদৰে কয়,হনুমান যন্ত্ৰ হৈছে এক সুৰক্ষা আৱৰণ যি জন্ম কুণ্ডলীত সকলো অশুভ, বিপদ-বিঘিনি, ৰোগ, ঋণ, প্ৰতিকূল মঙ্গল আৰু শনিৰ গ্ৰহৰ পৰা সুৰক্ষা দিয়ে। এক অৰ্থত হনুমান যন্ত্ৰ বিপদৰ ঢাল বা সুৰক্ষা। ভগৱান হনুমান হৈছে শক্তিৰ দেৱতা।যাকউপাসনা কৰি আমি জ্ঞান, শাৰীৰিক আৰু মানসিক শক্তি, সত্যতা তথা প্ৰভুৰ প্ৰতি গভীৰ ভক্তি অৰ্জন কৰা। উল্লেখ্য যে আজি দিনটো ২৩ এপ্ৰিলত চৈত্য পূৰ্ণিমাৰ দিনা প্ৰভূ হনুমানজীৰ জন্ম জয়ন্তী। এনে মহান দিনত তেখেতৰ চৰণত ভক্তি ৰাখিব পাৰিলে আমাৰ সকলো দিশতে মংগল হ’ব। প্ৰভু হনুমানজীৰ এই বিশেষ দিনত আমি প্ৰস্তুত কৰিছো হনুমান যন্ত্ৰ। হনুমান যন্ত্ৰৰ লাভালাভ অলেখ আছে। হনুমান যন্ত্ৰৰ ৬টা বিশেষ লাভৰ বিষয়ে ক’ব বিচাৰিছো। ১.এই যন্ত্ৰই গুপ্ত শত্ৰু, তন্ত্ৰ, মন্ত্ৰ, যাদুবিদ্যা, গ্ৰহৰ ত্ৰুটি, পিত্ৰ দোষ, সূৰ্য দোষ, চন্দ্ৰ দোষ আৰু কালসৰ্প দোষৰ দৰে ডাঙৰ দোষবোৰ শান্ত কৰি আপোনাৰ জীৱনৰ সঠিক পথ মুকলি কৰে। ২.যদি আপোনাৰ ঘৰত কাজিয়া আৰু বিবাদ হয়, ভুল বুজাবুজি চলি আছে, তেনেহ’লে হনুমান যন্ত্ৰঘৰত ৰাখিলে শুভ বুলি গণ্য কৰা হয়। ৩.যদি দোকান বা কাৰ্যালয়ত কোনো ব্যৱসায় অচল হৈ পৰে,যেতিয়া টকা আহিবলৈ বন্ধ হয়, বা যদি টকা বজাৰত ব্লক হৈ থাকে, তেন্তে হনুমান যন্ত্ৰ দক্ষিণ দিশত ৰাখক, ই বন্ধ কৰা কামটো পুনৰ আৰম্ভ কৰাৰ বাট মুকলি কৰিব। ৪.হনুমান যন্ত্ৰপিন্ধি, আপুনি ভগৱান হনুমানৰ সম্পূৰ্ণ দৃষ্টি লাভ কৰিব। ই আপোনাক দুখ, কষ্ট, দুষ্ট চকুৰ পৰা সুৰক্ষা দিয়ে আৰু জীৱনত সুখ, শান্তি, সম্পদ, বাহন প্ৰদান কৰে। ৫.হনুমান যন্ত্ৰপিন্ধিলে মাংগলিক দোষৰ ত্ৰুটি আঁতৰ কৰে, ফলত বিবাহিত জীৱনত সুন্দৰ কৰে। ৬.হনুমান যন্ত্ৰই ঋণ, ৰোগৰ পৰা মুক্তি কৰে। আত্মবিশ্বাস বৃদ্ধি কৰে। দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.