NEWS

Pakistan Bus Attack: পুনৰ অশান্ত হোৱাৰ দিশে পাকিস্তান! অচিনাক্ত বন্দুকধাৰীয়ে বাছৰ পৰা নমাই হত্যা কৰিলে ২৩জনকৈ লোকক

সোমবাৰে পাকিস্তানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছে কমেও ২৩জনকৈ লোক। বেলুচিস্তান প্ৰদেশৰ মুছাখাইল জিলাত এই ঘটনা সংঘটিত হৈছে। বাছৰ পৰা নমাই তেওঁলোকৰ জাতিগত পৰিচয় পৰীক্ষা কৰি কৰি হত্যা কৰে। পাক সংবাদ প্ৰতিষ্ঠান ‘ডন’ৰ খবৰ অনুসৰি সহকাৰী আয়ুক্ত মুছাখাইল নাজিব কাকাৰৰ মতে, ‘‘সশস্ত্ৰ লোকসকলে মুছাখাইলৰ ৰাৰাচাম জিলাৰ আন্তঃ-প্ৰাদেশিক ঘাইপথ অৱৰোধ কৰে আৰু যাত্ৰীসকলক বাছৰ পৰা নমাই আনে। মৃতসকলক পঞ্জাব প্ৰদেশৰ বুলি চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।’’ সশস্ত্ৰ লোকসকলে ১০খন বাহনত অগ্নিসংযোগ কৰিছিল বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু মৃতদেহবোৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে। জিলাখনৰ আন এজন জ্যেষ্ঠ বিষয়া হামিদ জেহৰিয়ে ‘AFP’ক মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে। তেওঁ কয়, ‘‘এনে লাগিছে যে ঘটনাটোৰ আঁৰত বিএলএ (বেলুচ লিবাৰেচন আৰ্মী)ৰ সন্ত্ৰাসবাদীৰ জড়িত আছে।’’ বিএলএ হৈছে অঞ্চলটোৰ আটাইতকৈ সক্ৰিয় উগ্ৰপন্থী বিচ্ছিন্নতাবাদী গোট। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী চৰফৰাজ বুগতিয়ে ঘটনাটোক গৰিহণা দি আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে বেলুচিস্তান চৰকাৰে সন্ত্ৰাসবাদীসকলক কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা চলাব আৰু তেওঁলোকে দৃষ্টান্তমূলক শাস্তিৰ পৰা বাচিব নোৱাৰিব। অসমৰ বাতৰি / খবৰ / বিশ্ব / Pakistan Bus Attack: পুনৰ অশান্ত হোৱাৰ দিশে পাকিস্তান! অচিনাক্ত বন্দুকধাৰীয়ে বাছৰ পৰা নমাই হত্যা কৰিলে ২৩জনকৈ লোকক Pakistan Bus Attack: পুনৰ অশান্ত হোৱাৰ দিশে পাকিস্তান! অচিনাক্ত বন্দুকধাৰীয়ে বাছৰ পৰা নমাই হত্যা কৰিলে ২৩জনকৈ লোকক সোমবাৰে পাকিস্তানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছে কমেও ২৩জনকৈ লোক। বেলুচিস্তান প্ৰদেশৰ মুছাখাইল জিলাত এই ঘটনা সংঘটিত হৈছে। বাছৰ পৰা নমাই তেওঁলোকৰ জাতিগত পৰিচয় পৰীক্ষা কৰি কৰি হত্যা কৰে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 26, 2024, 12:20 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি সোমবাৰে পাকিস্তানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছে কমেও ২৩জনকৈ লোক। বেলুচিস্তান প্ৰদেশৰ মুছাখাইল জিলাত এই ঘটনা সংঘটিত হৈছে। বাছৰ পৰা নমাই তেওঁলোকৰ জাতিগত পৰিচয় পৰীক্ষা কৰি কৰি হত্যা কৰে। পাক সংবাদ প্ৰতিষ্ঠান ‘ডন’ৰ খবৰ অনুসৰি সহকাৰী আয়ুক্ত মুছাখাইল নাজিব কাকাৰৰ মতে, ‘‘সশস্ত্ৰ লোকসকলে মুছাখাইলৰ ৰাৰাচাম জিলাৰ আন্তঃ-প্ৰাদেশিক ঘাইপথ অৱৰোধ কৰে আৰু যাত্ৰীসকলক বাছৰ পৰা নমাই আনে। মৃতসকলক পঞ্জাব প্ৰদেশৰ বুলি চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।’’ সশস্ত্ৰ লোকসকলে ১০খন বাহনত অগ্নিসংযোগ কৰিছিল বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু মৃতদেহবোৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে। বিজ্ঞাপন জিলাখনৰ আন এজন জ্যেষ্ঠ বিষয়া হামিদ জেহৰিয়ে ‘AFP’ক মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে। তেওঁ কয়, ‘‘এনে লাগিছে যে ঘটনাটোৰ আঁৰত বিএলএ (বেলুচ লিবাৰেচন আৰ্মী)ৰ সন্ত্ৰাসবাদীৰ জড়িত আছে।’’ বিএলএ হৈছে অঞ্চলটোৰ আটাইতকৈ সক্ৰিয় উগ্ৰপন্থী বিচ্ছিন্নতাবাদী গোট। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী চৰফৰাজ বুগতিয়ে ঘটনাটোক গৰিহণা দি আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে বেলুচিস্তান চৰকাৰে সন্ত্ৰাসবাদীসকলক কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা চলাব আৰু তেওঁলোকে দৃষ্টান্তমূলক শাস্তিৰ পৰা বাচিব নোৱাৰিব। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Pakistan First Published : August 26, 2024, 12:20 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.