বৰ্তমান সময়ত বলিউডৰ বলিষ্ঠ আৰু দক্ষতাসম্পন্ন অভিনেতাসকলৰ ভিতৰত বিক্ৰান্ত মেছি। কালি দেওবাৰে অৰ্থাৎ ১ ডিচেম্বৰত হঠাৎ এক বিস্ফোৰক ঘোষণা অভিনেতা বিক্ৰান্ত মেছিৰ। অভিনয় জগতৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে। বহুমুখী আৰু বলিষ্ঠ অভিনয় প্ৰতিভাৰ অধিকাৰী বিক্ৰান্ত। বৰ্তমান সময়ত সফলতাৰ শিখৰত বিক্ৰান্ত মেছি। আৰু তাৰ মাজতেই কালি আহিল এক অপ্ৰত্যাশিত খবৰ। এটা আৱেগিক পোষ্টত বিক্ৰান্তই লিখিছে, “নমস্কাৰ, যোৱা কেইবছৰমান আৰু তাৰপাছতো সকলোবোৰ অসাধাৰাণ আছিল। সকলোকে অদম্য সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিন্তু সময় আগবাঢ়ি যোৱাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে মই সেই সকলোবোৰ মনত পেলাই ঘৰলৈ উভতি যাব বিচাৰো। স্বামী, পিতৃ, পুত্ৰ আৰু অভিনেতা হিচাপে থাকিব বিচাৰো। গতিকে আগন্তুক ২০২৫ চনত আমি ইজনে সিজনক শেষবাৰৰ বাবে লগ পাম। যেতিয়ালৈকে সময় সঠিক অনুভৱ নহয়। যোৱা ২ খন চিনেমা আৰু বহু বছৰৰ স্মৃতি ৰৈ যাব। সকলোৰে বাবে আকৌ এবাৰ ধন্যবাদ। মই চিৰদিন ঋণী হৈ থাকিম।” অনুৰাগীসকলে আনকি অভিনেতাজনৰ সহযোগীসকলেও বিশ্বাস কৰিব পৰা নাই বিক্ৰান্তৰ এই ঘোষণা। বহুতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এজনে লিখিছে, “আপুনি কিয় এনে কৰিছে? আপোনাৰ দৰে অভিনেতা খুব কম। আমাক ভাল চিনেমা লাগে।” আন এজন ব্যৱহাৰকাৰীয়ে উত্তৰত লিখিছে, “এজন কিংবদন্তিয়ে কেৰিয়াৰ এৰি যাব ওলাইছে” তৃতীয় এজন নেটিজেনে উত্তৰত লিখিছে, “আশাকৰোঁ এইটো সঁচা নহয়।” ইফালে শেহতীয়াকৈ বিক্ৰান্তৰ অদম্য সফলতাৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে। যোৱা বছৰ ‘12th Fail’ত তেওঁৰ অভিনয় প্ৰশংসনীয় আছিল। সেই ছবিখনত তেওঁক আই পি এছ মনোজ কুমাৰ শৰ্মাৰ চৰিত্ৰত দেখা গৈছিল। তাৰ পিছত আগষ্ট মাহত মুক্তি পালে ‘ফিৰ আয়ী হাচিন দিলৰুবা’। ইয়াৰ পিছত বিক্ৰান্ত অভিনীত ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ শেহতীয়াকৈ মুক্তি লাভ কৰে। আৰু এই ছবিখনত অভিনয় কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰো প্ৰশংসা লাভ কৰে। অভিনেতাগৰাকীৰ এনে সফল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাত অনুৰাগীসকল আৱেগিক হৈ পৰিছে। অৱশ্যে তেওঁৰ বাকী দুখন ছবি ২০২৫ চনত মুক্তি পোৱাৰ কথা। বহুতে ভাবিছে যে বিক্ৰান্তই আনুষ্ঠানিকভাৱে ৰূপালী পৰ্দা এৰি যোৱা নাই। বৰঞ্চ তেওঁ কিছুদিনৰ বাবে নিজৰ বৰ্ণিল কেৰিয়াৰৰ পৰা বিৰতি লৈছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.