NEWS

Bicycle Rally: চাইকেলেৰে যাত্ৰা ৪ গৰাকী অসমীয়া যুৱকৰ, অসমীয়া জাতিক সজাগ কৰাৰ উদ্দেশ্যে এই যাত্ৰা

নিজৰ দেশমাতৃ,জাতিটোৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবেই দু:সাহসিক যাত্ৰা ৪ জন অসমীয়াৰ চাইকেলেৰে এক দু:সাহসিক যাত্ৰা ৪ জন অসমীয়া যুৱকৰ। অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত চাইকেল ৰেলী। গোলাঘাটৰ এই ৪ গৰাকী যুৱক চাইকেলেৰে যাত্ৰা কৰি উপস্থিত হৈছে ডিব্ৰুগড়ত। নিজৰ দেশমাতৃ, জাতিটোৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবেই যাত্ৰা ৪ জন অসমীয়াৰ। নিজৰ জাতিটোক সুৰক্ষিত কৰি ৰাখিবলৈ চাইকেল ৰেলী কৰি সমগ্ৰ অসমবাসীক সজাগ কৰিবলৈ বিচাৰিছে। চাৰিগৰাকী যুৱকৰ সৈতে একোখনকৈ চাইকেল, পিঠিত একোটাকৈ বেগ। গোলাঘাট জিলাৰ নিবাসী অজয় ফুকন, অংকিত বৰা, বিশাল বৰা, বিতু গগৈ নামৰ এই চাৰিগৰাকী যুৱকে যোৱা ৫ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ ছ‍্যুকাফা চাৰকুলৰ পৰা যাত্ৰা আৰম্ভ কৰি সমগ্ৰ উজনি অসম ভ্ৰমণ কৰিছে। টাই আহোম ছাত্র সন্থা গোলাঘাটৰ এই চাৰিজন বিষয়ববীয়াৰ চাইকেল ৰেলীৰ লক্ষ্য অসমীয়া জাতিটো যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে সকলোকে সজাগ কৰা। আহোম জনগোষ্ঠীকে ধৰি অসমৰ৬ জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ মৰ্যদা প্ৰদান কৰা,উজনি অসমক স্বায়ত্ব শাসন প্ৰদান কৰা,অসমৰ ভূমিকে আদি কৰি সকলো সম্পদৰ ওপৰত খিলঞ্জীয়াক অধিকাৰ প্ৰদান কৰা,অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সংৰক্ষণৰ বাবে বন ধ্বংস বন্ধ কৰা, অসম খনক ড্ৰাগছ মুক্ত গঢ়াৰ লক্ষৰে এক সজাগতা মুলক চাইকেল ৰেলী কৰিছে গোলাঘাটৰ জাতিপ্ৰেমী যুৱক কেইগৰাকীয়ে। শেহতীয়াকৈ যোৰহাট আৰু শিৱসাগৰ জিলা চাইকেলেৰে অতিক্ৰম কৰি বৰ্তমান উপস্থিত হৈছে ডিব্ৰুগড় চহৰত। যাত্ৰা পথত যি ব্যক্তিকেই লগ পাইছে সকলোকে জাতিটোৰ সম্পৰ্কে বুজাইছে শিকাইছে, সজাগ কৰিছে। ডিব্ৰুগড়ৰ ছ‍্যুকাফা ভৱনত উপস্থিত হোৱাৰ পিছতেই এই চাৰিজনীয়া দলটোকবিভিন্ন দল সংগঠনে আদৰণি জনাই সহায় সহযোগিতা প্ৰদান কৰে। ইয়াৰ পাছতেই বগীবিল হৈ ধেমাজিৰ অভিমুখে ৰাওনা হ’ব যুৱক কেইজন। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.