ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্টডাউন আৰম্ভ । ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্টডাউন আৰম্ভ। ডিব্ৰুগড় জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হ’ল যোগ প্রতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ২১ জুন দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্ববাসীয়ে পালন কৰে। যোগ হৈছে এক প্ৰাচীন ভাৰতীয় কলা, যি আমাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে আমাৰ মন সংযমী কৰি ৰখাত সহায় কৰে৷ অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া ১০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্টডাউন কার্যসূচী হিচাবে যোগৰ এখনি প্ৰতিযাগিতাৰ দ্বাৰা ডিব্ৰুগড়ৰ হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰত জিলা পৰ্যায়ৰ যোগ প্রতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এই যোগ প্রতিযোগিতা মুঠ ৪টা শাখাত অনুষ্ঠিত হয়। প্রথম শাখাত ১০ বছৰ বয়সৰ ভিতৰত ২৬গৰাকী, দ্বিতীয় শাখাত ১০-১৮ বছৰৰ ভিতৰত ৫৩গৰাকী, তৃতীয় শাখাত ১৮-৩৫ বছৰৰ ভিতৰত ১৭গৰাকী আৰু চতুৰ্থ শাখাত ৩৫ বছৰৰ ওপৰৰ ২২গৰাকী লোককে ধৰি মুঠ ১১৮গৰাকী প্রতিযোগীয়ে এই যোগ প্রতিযোগিতাত অংশগ্ৰহণ কৰে। যোগ প্রতিয়োগিতাত বিজয়ী প্রতিযোগীসকল হৈছে ১ম শাখাত মহিমানৱ গগৈ, ২য় শাখাত হিতাক্ষী দাস, ৩য় শাখাত অর্পিতা ভূঞা আৰু ৪র্থ শাখাত পিন্টু শইকীয়া। বিজয়ী প্রতিযোগীসকলক ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰমাণপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীত সহকাৰী আয়ুক্ত সুপ্রিয়া বাউলাৰী, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, ‘আয়ুষ’ৰ জিলা নডেল বিষয়া ডাঃ অনিল কুমাৰ সিং প্ৰমুখ্যে সেৱা ভাৰতী আৰু আর্ট অব লিভিঙৰ সদস্যসকল, হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্র-ছাত্রী উপস্থিত থাকে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.