এটা দুখ লগা জীয়া কাহিনী। চিনেমা-ৱেব চিৰিজৰ, নাটক-উপন্যাসত পোৱা কাহিনীৰ দৰে এক বাস্তৱ ঘটনা। মঙলবাৰ আবেলি মহানগৰীৰ নেমকেয়াৰ হাস্পতালত এটা বিকট শব্দ। সদাব্যস্ত চিকিৎসালয়খনত কেতিয়াও নুশুনা এক শব্দ। তৎমূহূৰ্ততে হুৱা দুৱা। কোনেও একো ভাবিয়েই পোৱা নাই, প্ৰকৃত কি হ’ল? তৎমুহূৰ্ততে অন্ত পৰিল ৰহস্যৰ। হাস্পতালখনৰ এটা আছুতীয়া ICUৰ পৰা আহিছিল সেই বিশেষ শব্দটো। পিছ মূৰত গুলীৰ আঘাত লৈ নিঠৰ হৈ পৰি আছিল ৰাজ্যৰ প্ৰশাসনৰ এগৰাকী সাহসী আৰক্ষী বিষয়া। নাম শিলাদিত্য চেতিয়া। তাৰ পিছতে হাহাকাৰ লাগিল হাস্পতালখনত। খবৰ ওলাল চৰম সিদ্ধান্ত ল’লে ৰাজ্যৰ প্ৰশাসনৰ সাহসী IPS শিলাদিত্য চেতিয়াই। আৰম্ভ হ’ল হুৱা-দুৱা। কিন্তু কিয় চৰম সিদ্ধান্ত ল’লে এসময়ত অপৰাধীৰ মাজত আতংকৰ সৃষ্টি কৰা আৰক্ষী বিষয়া IPS শিলাদিত্য চেতিয়াই? তাৰ পিছতে লাহে-লাহে পোহৰলৈ আহিল এক দুখ লগা কাহিনী। মাত্ৰ ২০ মিনিট আগত মৃত্যু হৈছিল IPS শিলাদিত্য চেতিয়াৰ একমাত্ৰ জীৱন সংগী, সুখ-দুখৰ লগৰী পত্নী আগমণি বৰবৰুৱাৰ। আৰু পত্নীৰ মৃত্যু শোক সহস্য কৰিব নোৱাৰিয়েই চৰম সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়া। ৪ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছিল IPS শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰুৱাই আৰু তাৰ ঠিক ২০ মিনিট পাছতে চৰম সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়া। আধুনিক-কংক্ৰীট সমাজৰ এক ৰূঢ় বাস্তৱ কাহিনী। পত্নীৰ নিঠৰ দেহ থৈ দিয়া বিছনাখনতে ছাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু চৰম সিদ্ধান্তৰ মাজতে শিলাদিত্য চেতিয়াই যেন ক’ৰবাত দি গ’ল অদম্য প্ৰেম আৰু নিংসগতা বহু প্ৰকাশ নকৰা কথা। ৰাজ্যৰ প্ৰশাসনৰ দক্ষ আৰু প্ৰভাৱশালী বিষয়া হোৱাৰ পিছতো ক’ৰবাত যেন নিসংগ আছিল IPS শিলাদিত্য চেতিয়া। দীৰ্ঘদিনে IPS শিলাদিত্য চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। চৰকাৰী দায়িত্বৰ মাজতে পত্নীক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত অকণো কৃপণালী কৰা নাছিল IPS শিলাদিত্য চেতিয়াই। চৰকাৰী কামৰ মাজতো একমাত্ৰ সংগীক সুস্থ কৰি নতুন জীৱন দিয়াৰ বাবে অহৰহ চেষ্টা কৰি গৈছিল IPS শিলাদিত্য চেতিয়াই। সাহসী IPS শিলাদিত্য চেতিয়াৰ মনত এটা আশা আছিল সুস্থ হৈ ঘৰলৈ উভতি আহিব পত্নী, আকৌ ৰঙেৰে উপচি পৰিব তেওঁলোকৰ জীৱন। কিন্তু জীৱন বাটত বাৰে-বাৰে পিছলি পৰিছিল IPS শিলাদিত্য চেতিয়া। জীৱনত নামি আহিছিল এটাৰ পিছত আন এটা দুখৰ খবৰ। এটা বছৰৰ ভিতৰতে শহুৰ আৰু শাহুক হেৰাইছিল IPS শিলাদিত্য চেতিয়াই। ইফালে বিগত কিছুদিনৰ পিছৰ পৰাই অধিক অৱনতি ঘটিছিল পত্নী আগমণি বৰবৰুৱা স্বাস্থ্যৰ। পত্নীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনা তেওঁলোকৰ নতুন ঠিকনা হৈ পৰিছিল নেমকেয়াৰ হাস্পতালৰ এটা আছুতীয়া ICU কোঠা। আৰু এই ICU কোঠাতে অকলশৰে IPS শিলাদিত্য চেতিয়াই চলাই গৈছিল জীৱন যুদ্ধ। ক’ৰবাত চাগে প্ৰতিমুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিছিল কিন্তু তথাপিও পত্নীৰ মুখত পুনৰ মাত এষাৰ পোৱাৰ আশাৰে চলাই গৈছিল জীৱন সংগ্ৰাম। জীৱন বাটৰ লগৰীক সুস্থ কৰাৰ আশাত বকুত বান্ধি নিজৰ কৰ্তব্যৰ পৰা লৈছিল ৪ মাহৰ ছুটী। কিন্তু আজি বিয়লি আহিল IPS শিলাদিত্য চেতিয়াই কেতিয়া কল্পনা নকৰা সেই খবৰটো। বিয়লি ৪ বাজি ১০ মিনিট তেওঁক এৰি অজান দেশলৈ গুচি গ’ল তেওঁৰ একমাত্ৰ জীৱন সংগী পত্নী আগমণি বৰবৰুৱা। অৱশেষত আশাৰ চাকিটি নুমুৱাই যোৱাত ভাগৰি পৰিল IPS শিলাদিত্য চেতিয়াও। আৰু আগুৱাই যাৱলৈ সাহস নহ’ল IPS শিলাদিত্য চেতিয়াৰ। জীৱনত বাটত ঘাত-প্ৰতিঘাত পাই নিজকে শেষ কৰি দিলে IPS শিলাদিত্য চেতিয়া। ৰঙীন মহানগৰীৰ মাজতো ক’ৰবাত যেন আগুৱাই যাবলৈ সাহসে কৰিব নোৱাৰিলে সাহসী দক্ষ বিষয়াগৰাকীয়ে। আৰু এটা গুলীকে নিজৰ শেষ সংগী বুলি ভাবিলে IPS শিলাদিত্য চেতিয়াই। শিলাদিত্য চেতিয়াৰ আছিল দুগৰাকী ভনীয়েক। আৰু দুগৰাকী ভগ্নীয়েক বিয়া দিবলৈ আছিল। জীৱনৰ মৰিচিকা খেদি ভাগৰি পৰা IPS শিলাদিত্য চেতিয়া পত্নীৰ নিঠৰ দেহ পৰি থকা বিছনাখনে নিজৰ অন্তিম স্থান বুলি ভাবিলে। আৰু নতুন জীৱনৰ প্ৰভাতলৈ আশা কৰিবলৈ সাহসে নহ’ল চাগে IPS শিলাদিত্য চেতিয়া। আৰু সিপাৰত শান্তি ল’বলৈ পত্নীৰ সৈতে অজান দেশলৈ গতি কৰিলে সাহসী বিষয়া IPS শিলাদিত্য চেতিয়া। ক’ৰবাত যেন পত্নীলৈ থকা অদম্য প্ৰেমৰ নিদৰ্শন দাঙি ধৰি গ’ল গৈ IPS শিলাদিত্য চেতিয়া। কৰ্মক্ষেত্ৰটো অদম্য সাহসী আছিল IPS শিলাদিত্য যেতিয়া। তিনিচুকীয়া-নলবাৰী- কোকৰাঝাৰ-বৰপেটাত আৰক্ষী অধীক্ষক হিচাপে আছিল শিলাদিত্য চেতিয়া। জেহাদী কাৰ্যকলাপ নিৰ্মূল কৰাত বিশেষ ভূমিকা লৈছিল শিলাদিত্য চেতিয়া। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই গঠন কৰা টাস্ক ফৰ্চৰ নেতৃত্বত আছিল শিলাদিত্য চেতিয়া। ২০০৯ চনৰ বেটছৰ বিষয়া আছিল IPS শিলাদিত্য চেতিয়া। আজি মৰ্গত ৰখা হ’ব IPS শিলাদিত্য চেতিয়া পত্নী আৰু GMCHত মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে IPS শিলাদিত্য চেতিয়াৰ মৃতদেহ। কাইলৈ দুয়োগৰাকীকে একেলগে অন্তিম সৎকাৰ কৰা হ’ব দুয়োগৰাকীকে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.