NEWS

কংগ্ৰেছী নেতাৰ ব্যক্তিগত নাৰ্ছিংহ'মত জিৰণি ল'লে আজমলে

৯ নং নগাঁও সংসদীয় সমষ্টিত AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কেইবাহাজাৰ সমৰ্থকক লগত লৈ আমিনুল ইছলামে বিশাল সমদলেৰে আহি মনোনয়ন পত্ৰ দাখিল কৰে। আমিনুল ইছলামক সংগ দিয়ে AIUDFৰ সভাপতি তথা সাংসদ বদৰউদ্দিন আজমল, দলটোৰ বিধায়কদ্বয় ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞাকে ধৰি কেইবাজনো নেতাই। সংবাদ মাধ্যমৰ আগত সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰকিবুল হুছেইনক কঠোৰ সমালোচনা কৰি কয়, “ৰকিবুল হুছেইন বিজেপিৰ মানুহ। সেইকাৰণে তেওঁ নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ নকৰি ধুবুৰীত নিজে প্ৰাৰ্থী হৈছে।” জিলা আয়ুক্ত কাৰ্যালয়ত হুকহুকাই কান্দি আজমলে কয়, “ৰমজান মাহত ৰাইজৰ মৰম দেখি মই কান্দিছোঁ। বিজেপিৰ দুজন প্ৰাৰ্থী এজন সুৰেশ বৰা আনজন প্ৰদ্যুত বৰদলৈ । বৰদলৈয়ে বিজেপিৰ পৰা টিকট বিচাৰিছিল। এইবাৰ নগাঁৱত আমাৰ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত। আমাৰ প্ৰতিদ্বন্দিতা বিজেপিৰ সৈতে হ’ব।” তেওঁ লগতে কয়, “এইবাৰ এজন মিঞা সাংসদ দিল্লীলৈ যাব আৰু মিঞা ভাষাতেই সংসদত ভাষণ প্ৰদান কৰিব।” সাংবাদিকে সংখ্যাগুৰু অধ্যুষিত এলেকাত এখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয়, “আমিটো সংখ্যাগুৰুৰো ভোট বিচাৰো কিন্তু তেওঁলোকে আমাক ভোট নিদিয়ে।” ইপিনে প্ৰাৰ্থী আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনক কটাক্ষ কৰি কয়, “ৰকিবুল হুছেইনে গোপনে সভা পাতি কংগ্ৰেছ কৰ্মী সকলক বিজেপিৰ সুৰেশ বৰাক সহায় কৰিবলৈ কৈছে। কংগ্ৰেছ কৰ্মী সকলে আমাক কোৱা মতে ৰকিবুলে তেওঁলোকক কৈছে যে এইবাৰ প্ৰদ্যুৎ বৰদলৈ নিজিকে। সেয়ে তেওঁ বিজেপিৰ সুৰেশ বৰাক সহায় কৰি চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলক বিজেপিক ভোট দিবলৈ কৈছে।” আমিনুল ইছলামে লগতে কয়, “নগাঁও সমষ্টিত আমি ৩ লক্ষাধিক ভোটৰ ব্যৱধানত বিজেপিক পৰাস্ত কৰিম।” প্ৰদ্যুত বৰদলৈৰ আমানতৰ ধন জব্দ হ’ব বুলি আমিনুল ইছলামে মন্তব্য কৰে। বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্তব্য কৰে যে, “অসমৰ আটাইকেইটা সংসদীয় সমষ্টিৰ ভিতৰত ৰকিবুল হুছেইনে কম ভোট পাব।” আৰু তেওঁ লগতে কয় যে, “ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা নলে-গলে লগা বন্ধু। ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ ১০ জন বিধায়কক বিজেপিলৈ খেদাৰ মূল মানুহজন ৰকিবুল হুছেইন। তেওঁৱেই গড় হত্যা কৰি কংগ্ৰেছৰ প্ৰতিচ্ছবি সমগ্ৰ অসমত বেয়া কৰিছে আৰু ২০১৬ চনত বিজেপি চৰকাৰ গঠন কৰাআৰু কংগ্ৰেছক টুকুৰা টুকুৰ কৰি ভাঙি ভাগ ভাগ কৰাৰ পিছতো ৰকিবুল হুছেইনৰে হাত আছিল।” দলটোৰ আন এগৰাকী বিধায়ক ৰফিকুল ইছলামে কয় যে, “আমাৰ সমৰ্থনত স্বতঃ স্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে।আমি কাকো গাড়ী ভাড়া কৰি আনিব লগা হোৱা নাই। সেয়ে নিশ্চিতভাৱে এইবাৰ নগাঁও সংসদীয় সমষ্টিত আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব। মুখ্যমন্ত্ৰীৰ লগত ৰকিবুল হুছেইনৰ নলে-গলে লগা বন্ধুত্ব আছে, আছিল আৰু ভৱিষ্যতেও থাকিব। ধুবুৰীত ৰকিবুল হুছেইনৰ আমানতৰ ধন জব্দ হ’ব।” বদৰউদ্দিন আজমলে আমিনুল ইছলাম ৰ মনোনয়ন দিবলৈ আহি জিৰণি ললে মেট্ৰ’ হাস্পতালত। কিন্তু ৰাজনৈতিক কথাটো হৈছে মেট্ৰ’ হাস্পতালখনৰ স্বত্বাধিকাৰী আকৌ কংগ্ৰেছৰ দলৰ প্ৰভাৱশালী নেতা হাইদৰ আলি। ৰকিবুলৰ হুছেইনৰ অতি ঘনিষ্ঠ হাইদৰে দেখুৱাই কংগ্ৰেছ আৰু ভিতৰি এই আই ইউ ডি এফ নেকি বুলি এতিয়া নগাঁৱত সৰব চৰ্চা চলিছে। ইপিনে আজি জয়প্ৰকাশ জনতা দলৰ হৈ সমষ্টিটোৰ বাবে অনুপম বৰুৱাই মনোনয়ন দাখিল কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.