NEWS

কিমান দূৰ আগবাঢ়িছে পংখীৰ মৃত্যুৰ তদন্ত?

শিৱসাগৰ জিলাৰ নিতাই পুখুৰী দুৱৰীছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ কন্যা পংখী সন্দিকৈক যোৱা বৰ্ষৰ ৩ অক্টোবৰত বিয়া দিছিল সাপেখাতীৰ নীতিকেশ দাসলৈ। কিন্তু যোৱা ৩ মে’ৰ পুৱা পংখী সন্দিকৈৰ মৃতদেহ চিপ লোৱা অৱস্থাত নামৰূপ থাৰমেলৰ এটা কোৱাৰ্টাৰত উদ্ধাৰ হয়। পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে মৰিয়াই মৰিয়াই হত্যা কৰি অন্য ৰূপ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত নীতিকেশ দাসক আৰক্ষীয়ে আটক কৰা পাছতে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে নীতিকেশ দাস। পংখীৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্তৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছিল। পংখীৰ মৃত্যু সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে কয়, ‘‘এই ঘটনাৰ বৰ্তমান উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে। ভিন্ন উৎসৰ পৰা ভিন্ন সমল ইতিম্যেই সংগ্ৰহ কৰা হৈছে যদিও চিকিৎসকৰ পৰা কিছু সমল বৰ্তমান সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া চলি আছে। বিশেষকৈ উচ্চ পৰ্যায়ৰ তদন্ত জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ কিছু তথ্য আহি পোৱাৰ লগে লগে সকলো কথা পোহৰলৈ আহিব। ইতিমধ্যে পৰিয়ালৰ মানুহৰ পৰা ভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে কল ৰেকৰ্ডসমূহ লোৱা হৈছে। উল্লেখযোগ্য যে নিতাইপুখুৰী দুৱৰীচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ বৰ জীয়ৰী আছিল পংখী। ৩ অক্টোবৰত সাপেখাটিৰ নীতিকেশ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পংখী। প্ৰথমে সকলো ঠিকেই চলি আছিল যদিও লােহ লাহে সলনি হৈছিল নীতিকেশ। পংখীৰ মাতৃয়ে কোৱা অনুসৰি, আন কোনো যুৱতীৰ সৈতে অবৈধ প্ৰেমৰ বাবেই হত্যা কৰা হৈছে পংখীক। দুখৰ খবৰটো আহিছিল যোৱা ৩ মে’ত। পংখী সন্দিকৈৰ নিথৰ দেহ উদ্ধাৰ হৈছিল নামৰূপ থাৰ্মেলৰ এটা কোৱাৰ্টাৰত। পিতৃ ভৈৰৱ সন্দিকৈৰ অভিযোগ, মুখ মণ্ডলত কাহানিও নেদেখা ঘা, আঘাতৰ চিন আছিল। লাগি আছিল তেজৰ চেকুৰা। নাছিল এটা দাঁত। নিমজ গালত পৰি আছিল তিনি চাৰিটা আঙুলিৰ ৰঙা হৈ থকা চাব। পংখীয়ে চৰম সিদ্ধান্ত লোৱা নাই, হত্যা কৰা হৈছে। তাৰ পিছতে থানাত গোচৰ তৰিলে পিতৃয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.