ইয়াত এখন নদী আছিল…অতীতলৈ ঘূৰি চাই তেনেদৰে ক’ব নিবিচাৰে তেঁওলোকে। নদীখন জীয়াই ৰাখিব বিচাৰে তেওঁলোকে। সৰু বৰ শিলৰ মাজেৰে কুলু কুলুকৈ বৈ অহা নদীখনৰ যাত্ৰা পথত কিছুমান অপ্ৰাকৃতিক সামগ্ৰী বাধা হৈ উঠাটো নিবিচাৰে তেওঁলোকে। নদীখনক নদী হৈ থকাটো বিচাৰে তেঁওলোকে। আৰু সেই বাবেই তেঁওলোকে নদীখনৰ স্বকীয়তা ৰক্ষাৰ যুঁজত নামিছে। কুৰি দিন ধৰি এদল লোকে নদী ৰক্ষাৰ যুঁজত নামিছে। নদীৰ বুকুত, নদীৰ কাষত জমা হোৱা অপ্ৰাকৃতিক সামগ্ৰী আঁতৰাই নদীখন পৰিস্কাৰ কৰাৰ অভিযানত নামিছে তেঁওলোক। মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ কাষেৰে বৈ যোৱা লাৱং নদীৰ বুকুত নামি শতাধিক লোকে নৈখন পৰিষ্কাৰ অভিযানত নামিছে। নদী ৰক্ষাৰ যুঁজত নামিছে। পৰিৱেশ ৰক্ষাৰ হকে কাম কৰি যোৱা এটা বেচৰকাৰী সংস্থাই কুৰি দিন পূৰ্বে নামি পৰিছিল লাৱং নদী পৰিষ্কাৰ অভিযানত। সেইসকল পৰিৱেশকৰ্মীৰ মহান উদ্দেশ্য দেখি নদী ৰক্ষাৰ অভিযানলৈ আগবাঢ়ি আহিল স্থানীয় বহুকেইটা দল-সংগঠন, স্থানীয় লোক। আগবাঢ়ি আহিল অৰ্ধসামৰিক বাহিনীৰ লোক, আছাম ৰাইফলছৰ জোৱান। যোৱা কুৰি দিনে শতাধিক লোকে নদী পৰিষ্কাৰ অভিযান চলাই লাৱং নদীৰ প্ৰায় দুই কিলোমিটাৰ নদী গৰ্ভৰ লগতে, নদী কাষ পৰিষ্কাৰ কৰিলে। প্ৰকৃতি প্ৰেমেৰে নদী ৰক্ষাৰ যুঁজত নমা এইদল লোকৰ অভিযান এতিয়াও অন্ত পৰা নাই। প্ৰাৰম্ভণিতে লাৱং নদী পৰিষ্কাৰৰ বাবে তেঁওলোকে ২০ দিন ধাৰ্য কৰিছিল যদিও, কামৰ অন্ত নপৰিল। কিন্তু তেঁওলোক বদ্ধপৰিকৰ, নদীখন পৰিষ্কাৰ কৰিবই। এতিয়া তেঁওলোকে নিজেই নাজানে আৰু কিমান দিন নদী পৰিষ্কাৰ অভিযানত নামিব। তেঁওলোকে জানে কেৱল, উদ্দেশ্য সফল নোহাৱালৈকে মাথো আগবাঢ়ি যাব। তেওঁলোকে এতিয়া লাৱং নদীতে অভিযানৰ অন্ত নেপেলাই লাৱং নৈ লৈ বৈ অহা ছাখিচি নদীও পৰিস্কাৰ অভিযানৰ পণ লৈছে। আইজলৰ স্থানীয় কৰ্তৃপক্ষ, পৰিৱেশ ৰক্ষাৰ হকে কাম কৰি যোৱা সংস্থাই নদী ৰক্ষাৰ এই যুঁজখনৰ শলাগ লৈছে। এই নদী ৰক্ষাৰ অভিযানৰ নেতৃত্ব দিয়া পৰিৱেশ ৰক্ষাৰ হকে কাম কৰা সংস্থাটোৰ আগশাৰীৰ এগৰাকী নেত্ৰীয়ে দুবছৰ পূৰ্বে ট্ৰেকিং কৰিবলৈ গৈ লাৱং নদীৰ কদৰ্য ৰূপটো দেখিছিল। প্লাষ্টিককে ধৰি বিভিন্ন আৱৰ্জনাই নৈ খন গ্ৰাস কৰি পেলাৱা দেখিছিল। তেতিয়াই তেওঁ নৈ খন পৰিস্কাৰ কৰাৰ পণ লৈছিল। উত্তৰ প্ৰজন্মক যাতে ‘ইয়াত এখন নদী আছিল’ বুলি ক’ব লগা নহয় তাৰ বাবে কাম কৰি যোৱাৰ সংকল্প লৈছিল। আৰু সেইগৰাকী নেত্ৰীৰ ভৱিষ্যদৃষ্টিৰ বাবেই আজি শতাধিক লোক নামি পৰিছে এটা সৎ উদ্দেশ্যেত। নদী ৰক্ষাৰ যুঁজত। ভাল কামৰ এটা মাথো দৃঢ় আৰম্ভণি লাগে। সকলোৰে অন্তৰত ভাল কাম কৰাৰ ইচ্ছা থাকে। লাগে মাথো পথ প্ৰদৰ্শক। মিজোৰামৰ সেই প্ৰকৃতি প্ৰেমীগৰাকী আজি এই প্ৰকৃতি ৰক্ষাৰ যুঁজখন আগবঢ়াই নিয়াৰ বাবে সাধুবাদৰ পাত্ৰ। তেঁওৰ দূৰদৃষ্টি আন বহুতৰে বাবে হওক বাটকটীয়া, প্ৰকৃতি ৰক্ষাৰ যুঁজৰ প্ৰেৰণা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.