NEWS

প্ৰকৃততে মৃতদেহটো কাৰ? এটা মৃতদেহক লৈ ৰহস্য আৰু চাঞ্চল্য!

অসম আৰক্ষীৰ হাতত ঢকুৱাখনা কাণ্ডৰ DNA ৰিপ’ৰ্ট। DNA ৰিপ’ৰ্টে স্পষ্ট কৰিব মৃতদেহৰ পৰিচয়। ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চোমনীত উদ্ধাৰ হৈছিল জ্বলি ছাই হোৱা মৃতদেহ। হত্যাৰ পাছতে ঘাতকে হাত ভৰি নেফানেফ কৰি নোহোৱা কৰিছিল মৃতদেহ। চিনাক্ত কৰিব নোৱৰাকৈ ঘাতকে জ্বলাই ছাই কৰি দিছিল মৃতদেহটো। ২ জুনৰ পুৱতি নিশা নৃশংস ঘটনাটো পোহৰলৈ অহা মাত্ৰকে সুনীল গগৈক হত্যা কৰা বুলি পতিয়ন গৈছিল পৰিয়াল আৰু স্থানীয় লোকৰ লগতে আৰক্ষী। জল জীৱন মিচনৰ ইঞ্জিনিয়াৰ জয়ন্ত গোস্বামীৰ গ্ৰেপ্তাৰত সহায় কৰাৰ বাবেই সতীৰ্থ ঠিকাদাৰ চক্ৰই জয়ন্ত গোস্বামীক হত্যা কৰাৰ বুলি নিশ্চিত হৈছে ৰাজ্যবাসী। আনকি তদন্তকাৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১ জুনৰ নিশা সুনীল গগৈয়ে পিন্ধি থকা টি চাৰ্ট, চেন্দেলৰ লগতে জ্বলি থকা টৰ্চ। সেইখিনিলৈকে সৰলৰৈখিক আছিল তদন্ত কিন্তু শুকান জেওৰা জাপি জ্বলাই দিয়া মৃতদেহৰ কাষত উদ্ধাৰ হোৱা এডাল বেল্টে নতুন পাক দিলে ঘটনাৰ। ঘটনাস্থলীত উদ্ধাৰ হোৱা সেই বেল্ট ডাল আছিল জল জীৱন মিচনৰ ঠিকাদাৰ সুনীল গগৈৰ বিশ্বস্ত ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ। ৰহস্যজনকভাৱে ৩০ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে জাহাংগীৰ হুছেইন ।তেতিয়াই ৰাজ্যজুৰি উত্থাপন হ’ল প্ৰশ্ন। ঢকুৱাখনাত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ? সুনীল গগৈৰ নে জাহাংগীৰ হুছেইনৰ? সেই সময়তে ৫ লাখ টকা দিব থকাৰ বাবে ঠিকাদাৰ সুনীল গগৈয়ে স্বামীক হত্যা কৰাৰ অভিযোগ আনিলে জাহাংগীৰৰ পত্নীয়ে। আনকি মৃতদেহটো সুনীল গগৈৰ নহয় বুলি ৯০ শতাংশ নিশ্চিতি দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত ভেদ হোৱাৰ দিশে আগবাঢ়িছে ঢকুৱাখনা কাণ্ডৰ ৰহস্য। ঢকুৱাখনা কাণ্ডৰ বহু প্ৰতিক্ষিত DNA পৰীক্ষাৰ প্ৰতিবেদন অসম আৰক্ষীয়ে ৰাজহুৱা কৰিলেই ওৰ পৰিব ৰাজ্যবাসীৰ উৎকণ্ঠাৰ। পোহৰলৈ আহিব প্ৰফেচনেল কিলাৰৰ চিকাৰ হোৱা লোকজনৰ পৰিচয়। কিন্তু প্ৰশ্ন হয়, আৰক্ষীয়ে ফাদিল কৰিব পাৰিবনে ঘাতকৰ পৰিচয়। হত্যা কৰাৰ পাছত পৰিচয় উদ্ধাৰ কৰিব নোৱৰাকৈ মৃতদেহ জ্বলাই দি কটা মুৰ অন্তৰ্ধান কৰা ঘাতকক জালত পেলাব পাৰিলেহে কৃতিত্ব দাবী কৰিব পাৰিব লখিমপুৰ আৰক্ষীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.