NEWS

কিয় কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে যোৰহাটত!

মঙলবাৰে পুৱতিনিশা অহা এজাক বৰষুণে তচনচ কৰি পেলায় যোৰহাট নগৰৰ আভিজাত্য। ১-২ ঘণ্টাৰ এজাক মূষলধাৰ বৰষুণে যোৰহাট নগৰত সৃষ্টি কৰিলে অভূতপূৰ্ব পৰিস্থিতিৰ! শেহতীয়াকৈ যোৰহাটৰ নগৰ অঞ্চলত কৃত্ৰিম বানৰ সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু কিয় নগৰখনত সৃষ্টি হৈছে এনে পৰিস্থিতিৰ? যোৰহাট নগৰত সৃষ্টি হোৱা অভূতপূৰ্ব কৃত্ৰিম বানপানীৰ আঁৰৰ কাৰণসমূহ পোহৰলৈ আহিছে চৰজমিন অনুসন্ধানত। কাৰণ নম্বৰ ১ : নগৰখনৰ প্ৰায়বোৰ অঞ্চলেই পানীত বুৰ যোৱাৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে ১৬ জুলাইৰ পুৱা প্ৰায় ৪ বজাৰ পৰা ৫ বজালৈ মাত্ৰ এঘণ্টাৰ ভিতৰতে অহা ৫০-৬০ মিলিমিটাৰৰ এজাক প্ৰবল বৰষুণ। ইয়াৰ ফলত নগৰখনৰ প্ৰায় ৩০ বৰ্গকিলোমিটাৰ অঞ্চল এঘণ্টাৰ ভিতৰতে ভৰি পৰিছিল অতি কমেও ১৮ লাখ কিউবিক মিটাৰ পানীৰে। হঠাৎ ভৰি পৰা ইমান খিনি পানী নিষ্কাশন কৰিব পৰাকৈ সক্ষম নাছিল যোৰহাট নগৰৰ ত্ৰুটিপূৰ্ণ নলা-নৰ্দমাসমূহ। ফলত নগৰৰ জল নিষ্কাশনৰ নলা, জানসমূহ ভৰি পৰাত পানীৰে উপচি পৰে নগৰখন। কাৰণ নম্বৰ ২ : যোৰহাট নগৰৰ জল নিষ্কাশনৰ অন্যতম মাধ্যম তৰাজানখনৰ ওপৰত বাইপাছত থকা দলঙখন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বাবে পুনৰ নিৰ্মাণ কৰি থকা হৈছে। এই নিৰ্মাণস্থলীত তৰাজানখনৰ পানীৰ প্ৰৱাহত বাধাৰ সৃষ্টি হোৱা বাবেও নগৰখনত কৃত্ৰিম বানে পূৰ্বৰ তুলনাত ভয়ংকৰ ৰূপ লয়। এই স্থানত জাৱৰ জমা হৈ জানটোৰে পানী বৈ যোৱাত বাধাৰ সৃষ্টি কৰিছিল। পিছত সেয়া পৰিষ্কাৰ কৰা হয়। কাৰণ নম্বৰ ৩ : আনহাতে, তৰাজানৰ ওপৰত থকা দলংখনৰ কাষতে তৰাজানৰ পানীৰ মাজেৰে পাৰ কৰি নিয়া হৈছে এডাল বৃহৎ পানী পৰিবাহী পাইপ। এই পাইপডালৰ বাবেও জানটোৰ পানীৰ প্ৰৱাহ বাধাগ্ৰস্থ হোৱাত নগৰখনত কৃত্ৰিম বানৰ প্ৰকোপ বৃদ্ধি পায়। কাৰণ নম্বৰ ৪ : যোৰহাট নগৰৰ জল নিষ্কাশনৰ আন এটা অন্যতম মাধ্যম টোকলাই জানটো দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নকৰা বাবে জানটোৰে পানীৰ বহন ক্ষমতা বহু পৰিমাণে হ্ৰাস পাইছে। আনহাতে জানটোৰ ওপৰত একাংশ লোকে নিৰ্মাণ কৰা পুলসমূহৰ বাবেও পানীৰ পৰিবহণত বাধাৰ সৃষ্টি হৈ নগৰখনত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কাৰণ নম্বৰ ৫ : এই কাৰণটোৰ বিষয়ে জনাৰ পিছত আপুনিও ভাবিব যে কেৱল যেন যোৰহাটতহে সম্ভৱ এনে ঘটনা! যোৰহাট নগৰৰ ত্ৰুটিপূৰ্ণ নলাৰ বিষয়ে সৰ্বজনবিদিত। কিন্তু নগৰৰ তৰাজান অঞ্চলত এ টি ৰোডৰ কাষত আধাতে নিৰ্মাণ সম্পূৰ্ণ কৰি থোৱা নলাৰ বাবে অঞ্চলটোৰ ৰাইজে ব্যাপক সমস্যা ভোগ কৰি আহিব লগা হৈছে । এই অৰ্ধনিৰ্মিত নলাটোৰ বৃহৎ অংশ পৰিণত হৈছে ডাষ্টবিনলৈ । একাংশ লোকে জাবৰেৰে ভৰাই থৈছে এই নলাটো । আৰু আনটো অংশৰে অহা পানী বিয়পি পৰে পথৰ ওপৰত । কিন্তু এই নলাটো সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত কোনেও আগবাঢ়ি নাহে। কাৰণ নম্বৰ ৬ : নগৰখনৰ বহু নলাত সুৰাৰ বটল, প্লাষ্টিকৰ পানীৰ বটল আৰু বহু প্লাষ্টিক আৱৰ্জনা পেলাই অহাৰ ফলত বহু নলা আবদ্ধ হৈ পৰিছে। নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত জল নিষ্কাশনৰ বাবে থকা নলা পৰিষ্কাৰ কৰোতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সুৰাৰ বটল আৰু প্লাষ্টিকৰ পানীৰ বটল। নলাসমূহত একাংশ লোকে পেলোৱা এনে বটল আৰু প্লাষ্টিকৰ বাবেই নলাসমূহ বন্ধ হৈ ৰাজপথত কৃত্ৰিম বানপানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উল্লেখ্য, যোৱা ফেব্ৰুৱাৰী মাহতে যোৰহাটৰ জিলা আয়ুক্তই নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি জল নিষ্কাশনৰ মাধ্যমসমূহ সুচল কৰি থবলৈ যোৰহাট পৌৰসভাকে ধৰি কেইবাটাও বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু সেয়া কাৰ্যকৰী নোহোৱা বাবেই যোৰহাট নগৰৰ আভিজাত্য তচনচ কৰি পেলায় হঠাৎ অহা এঘণ্টাৰ এজাক বৰষুণে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.