NEWS

Guwahati News : ভেদ হ’ল ৰহস্য! জি এছ ৰোডত হাতত মাৰণাস্ত্ৰ লোৱা বাইক আৰোহীৰ প্ৰকৃত সত্য পোহৰলৈ

এটা ভিডিঅ’! গুৱাহাটীৰ সদাব্যস্ত GS Roadত দিন-দুপৰতে উদ্যত মাৰণাস্ত্ৰলৈ বাইকত উঠি বিনাদ্বিধাই যাত্ৰা দুই আৰোহীৰ। ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে হাহাকাৰ লাগিল সকলোৰে মাজত। হাহাকাৰ লাগিল মহানগৰ আৰক্ষীৰো। কোনে গুৱাহাটীৰ ৰাজপথত হাতত দুটাকৈ মাৰণাস্ত্ৰ লৈ বিনাদ্বিধাই ঘূৰি ফুৰিছে, তাকে লৈ লাগিল হৈ-ছৈ। আৰক্ষীয়ে ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ আৰম্ভ কৰিলে তদন্ত। সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা ভিডিঅ’ত দেখা গৈছে চুলি দীঘল এজন যুৱকে এজন যুৱকৰ বাইকত উঠি গৈছে। নীলা হাফপেণ্ট পিন্ধা যুৱকজনে ৰঙা হেলমেট পিন্ধি থকা দেখা গৈছে। লগতে পৰিধান কৰিছে ক’লা টি-ছাৰ্ট। কিন্তু অৱশেষত ভেদ হ’ল সমগ্ৰ ঘটনাৰ ৰহস্য। আৰু পঢ়ক: হাতত AK-47 লৈ মহানগৰীৰ মাজমজিয়াত এগৰাকী যুৱতী! দুই হাতত দুটাকৈ উদ্যত মাৰণাস্ত্ৰ লৈ কোন যুৱতীৰ টহল মহানগৰীৰ ৰাজপথত? মহানগৰ আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ অন্তত পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ ৰহস্য। প্ৰথম অৱস্থাত এগৰাকী যুৱতীয়ে AK-47 লৈ অহা বুলি প্ৰকাশ পাইছিল যদিও, প্ৰকৃততে সেয়া আছিল দুজন যুৱকহে। যুৱক দুজন অহা বাইকখনৰ নম্বৰ আছিল AS-25U-2909। বিশাল ভৰদ্বাজ নামৰ যুৱকজনে চলাই আহিছিল বাইকখন। আৰু প্ৰবাল গোস্বামী নামৰ যুৱকজন উঠি আছিল বাইকখনত। প্ৰবাল গোস্বামীৰ হাততে আছিল বন্দুক দুটা। আৰক্ষীৰ তথ্য অনুসৰি বিশাল ভৰদ্বাজৰ ঘৰ ৰঙিয়াত আনহাতে প্ৰবাল গোস্বামীৰ ঘৰ বৰপেটাৰ পাটাচাৰকুছিত। আৰু পঢ়ক: অৱসৰৰ ৪৮ ঘণ্টাৰ পিছতে পুনৰ ক্ৰিকেটলৈ ঘূৰি অহাৰ ঘোষণা শিখৰ ধাৱানৰ! এইবাৰ কোনখন প্ৰতিযোগিতাত খেলিব ধাৱানে? আৰক্ষীয়ে জনোৱা অনুসৰি যুৱক দুজনে কঢ়িওৱাই নিয়া সামগ্ৰীবিধ প্ৰকৃত বন্দুক নাছিল। সেয়া আছিল কাঠৰে নিৰ্মিত বন্দুক সদৃশ সামগ্ৰী। এখন অসমীয়া চুটি ছবিৰ শ্বুটিঙত ব্যৱহাৰ কৰিছিল বন্দুক সদৃশ সামগ্ৰী দুটা। গীতানগৰৰ সমীপত হোৱা শ্বুটিঙত ব্যৱহাৰ কৰিছিল বন্দুক সদৃশ সামগ্ৰী দুটা। কাহিলীপাৰাৰ নাৰায়ণ নামৰ লোক এজনৰ পৰা ভাড়া কৰি আনিছিল বন্দুক সদৃশ সামগ্ৰী দুটা। আজি নাৰায়ণ নামৰ লোকজনক ঘূৰাই দিবলৈ আহি আছিল বন্দুক সদৃশ সামগ্ৰী দুটা। আৰু তেনে সময়তে GS Roadৰ শ্ৰীনগৰ ট্ৰেফিক পইণ্টৰ ওচৰত কোনোৱে বন্দী কৰিছিল যুৱক দুজকে বাইকত উঠি হাতত বন্দুক লৈ যোৱাৰ দৃশ্যটো। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰি যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.