বাংলাদেশ চৰকাৰে দেশৰ নোটৰ পৰা স্বাধীনতা সংগ্ৰামৰ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমানৰ ফটো আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। বাংলাদেশ চেণ্ট্ৰেল বেংকৰ সূত্ৰ অনুসৰি ২০, ১০০, ৫০০, ১০০০ টকীয়া নোট নতুনকৈ ছপা কৰিবলৈ প্ৰেৰণ কৰা হৈছে৷ শ্বেখ হাছিনাৰ পৰিয়ালক যেন জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ একাংশ নামি পৰিছে ৷ আগষ্ট মাহৰ ৫ তাৰিখে শ্বেখ হাছিনাৰ পিতৃৰ মূৰ্তিৰ ওপৰত উঠি একাংশই তাণ্ডৱ চলোৱা ঘটনা, এইবাৰ যেন পুনৰাই স্বাধীনতা সংগ্ৰামী পৰিয়ালটোৰ ভাৱমূৰ্তিৰ বিলীন কৰাত একাংশ উঠিপৰি লাগিছে৷ বাংলাদেশৰ টাকাৰ পৰা শ্বেখ হাছিনাৰ পিতৃৰ ছবি আঁতৰোৱাৰ প্ৰয়াস কৰা ঘটনাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। শ্বেখ মুজিবুৰ ৰহমান, যাক বাংলাদেশৰ স্বাধীনতা সংগ্ৰামী হিচাপে গণ্য কৰা হয়, বহু বছৰ ধৰি দেশৰ নোটত ছবি সন্নিৱিষ্ট হৈ আছে। যি দৰে আমাৰ ভাৰতবৰ্ষৰ টকাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো আছে৷ তেওঁৰ কন্যা তথা প্রধানমন্ত্রী শ্বেখ হাছিনাৰ ওপৰত চলা আক্ৰমণ, অত্যাচাৰৰ পাছতেই বাংলাদেশ প্ৰশাসনে আন এক হঠকাৰী সিন্ধান্ত লব’লৈ গৈছে৷ আৰু পঢ়ক: ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা, পৰীক্ষাৰ্থীয়ে কিদৰে ডাউনলোড কৰিব এডমিট কাৰ্ড? চাওক প্ৰক্ৰিয়া বাংলাদেশৰ এজন উচ্চ পদস্থ বেংক বিষয়াৰ মতে, এই সিদ্ধান্ত নোটৰ নতুন নক্সা আৰু আধুনিকীকৰণৰ অংশ। বেংকৰ এগৰাকী মুখপাত্ৰই কৈছে, “আমিবোৰ আন্তর্জাতিক মান অনুসৰি ব্যক্তিগত ছবি নোটত নথকাকৈ ডিজাইন পৰিৱৰ্তন কৰিছোঁ।” তথাপি, চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে ব্যাপক সমালোচনা দেখা গৈছে। শ্বেখ হাছিনাৰ অধিকাংশ সৰ্মথকে ক’ব খোজে এয়া দেশৰ ইতিহাসক অপমান। শ্বেখ মুজিবুৰ ৰহমান কেৱল এজন নেতা নহয়, তেওঁ বাংলাদেশৰ জাতীয় স্বাভিমানৰ প্ৰতীক।” আনহাতে, চৰকাৰৰ সমৰ্থকে দাবী কৰিছে যে এই পদক্ষেপে সম্প্ৰদায়িকতা হ্ৰাস কৰি একতাৰ সৃষ্টি কৰিব। এই ঘটনাই বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশত নতুন আলোড়ন সৃষ্টি কৰিছে, য’ত ইতিমধ্যে অর্থনৈতিক সমস্যাসমূহ আৰু সামাজিক বিশৃঙ্খলতা বিদ্যমান। নোটৰ পৰা মুজিবুৰ ৰহমানৰ ছবি আঁতৰোৱাৰ সিদ্ধান্তক লৈ আন্দোলন আৰু প্ৰতিবাদ বৃদ্ধি পাব পাৰে বুলি বিশেষজ্ঞৰ অভিমত। এই ধৰণৰ সিদ্ধান্তে দেশৰ ৰাজনীতি আৰু অধিক জটিল কৰিব বুলি ধাৰণা কৰা হৈছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.