ছিৰিয়াত বাছাৰ অল আছাদ যুগৰ সমাপ্তি। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সন্ত্ৰাসবাদী সংগঠন আখ্যা দিয়া, বিদ্ৰোহী বাহিনীয়ে ছিৰিয়াৰ ৰাজধানী ডামাছকাচ দখল কৰে। বিদ্ৰোহী বাহিনীয়ে ডামাছকচ দখল কৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতি বাছাৰ অল আছাদে দেশ এৰি পলায়ন কৰে। বাছাৰ অল আছাদে ক’লৈ পলায়ন কৰিছে এতিয়াও জানিব পৰা হোৱা নাই। দেওবাৰে পুৱাই বিদ্ৰোহী বাহিনীয়ে ডামাছকাচ দখল কৰাৰ লগে লগে ছিৰিয়াত আছাদ পিতা পুত্ৰৰ প্ৰায় অৰ্ধশতিকা ধৰি চলা ৰাজত্বৰ সমাপ্তি ঘটিল। দেওবাৰে পুৱাৰে ভাগতে বিদ্ৰোহী বাহিনীয়ে ছিৰিয়াৰ ৰাজধানী ডামাছকাচত প্ৰৱেশ কৰে। আছাদ বাহিনীৰ কোনো বাধা বা প্ৰত্যাহ্বান নোপোৱাকৈয়ে বিদ্ৰোহী বাহিনীয়ে ডামাছকাচ দখল কৰে। আৰু ইয়াৰ লগে লগে ২০১১ চনতে ছিৰিয়াত আৰম্ভ হোৱা সুদীৰ্ঘ ১৩ বছৰীয়া যুদ্ধৰ অন্ত পৰিল। বিদ্ৰোহীৰ ডামাছকাচ দখলৰ লগে লগে ৰাজধানী চহৰখনত শুনা গ’ল ‘স্বাধীনতা’ৰ ধ্বনি। ডামাছকাচ দখল কৰিয়ে বিদ্ৰোহী বাহিনীয়ে ৰাজধানী চহৰখনত বন্দী হৈ থকা ৰাজনৈতিক বন্দী সকলক মুকলি কৰি দিয়ে। ছিৰিয়াত দ্ৰুত গতিত ঘটা ঘটনাক লৈ চুবুৰীয়া দেশসমূহো বিবুধিত পৰিছে। লেবানন, জৰ্দানে ছিৰিয়াৰে সীমান্ত ছীল কৰি দিছে। লক্ষণীয় ভাবে, ২০১১ চনত মধ্য প্ৰাচ্যত হোৱা আৰৱ বসন্তৰ সময়তে ছিৰিয়াৰ আছাদৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল। কিন্তু টুনিছিয়া, ইজিপ্ট, লিবিয়া, বাহৰেইন, য়েমেন বিদ্ৰোহীৰ হাতত পতন ঘটান দৰে, ছিৰিয়াত কিন্তু সুদীৰ্ঘ কাল ধৰি ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ পতন নঘটিল। বিপৰীতে বিদ্ৰোহী বাহিনীত দমন কৰি আছাদেই ছিৰিয়াৰ শাসন চলাই গৈছিল? কিন্তু শেহতীয়াকৈ যোৱা ২৭ নৱেম্বৰৰ পৰা বিদ্ৰোহী বাহিনীয়ে অধিক আগ্ৰাসী ৰূপ লৈ জৰ্দান সীমান্তৰ পৰা ক্ৰমে ইখনৰ পৰা সিখন চহৰ দখল কৰি ডামাছকাছ অভিমুখে অগ্ৰসৰ হয়। আৰু দেওবাৰে পুৱাৰ ভাগত ডামাছকাচ দখল কৰি বিজয় সাব্যস্ত কৰে। বাছাৰ অল আছাদে ছিৰিয়াত ২০০০ চনৰে পৰা শাসন কৰি আহিছে। বাছাৰ অল আছালৰ পিতৃ হাফেজ অল আছেদে ছিৰিয়াত বাথ পাটীৰ জন্ম দি ১৯৭১ চনত ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈছিল। হাফেদ অল আছাদে মৃত্যু পৰ্যন্ত সুদীৰ্ঘ ৩০ বছৰ কাল ছিৰিয়াত একনায়কত্ববাদী শাসন চলায়। ২০০০ চনত হাফেজ অল আছাদৰ মৃত্যুৰ পাছত ছিৰিয়াৰ সংবিধান সংশোদন কৰি ৰাষ্ট্ৰপতিৰ ন্যুনতম বয়স ৪০ পৰিৱৰ্তে সেইসময়ত ৩৪ বছৰীয়া বাছাৰ অল আছাদ ৰাষ্ট্ৰপতি হয়। পিতৃৰ পদাংক অনুকৰণ কৰি বাছাৰ অল আছাদেও বৈৰী ৰাজনৈতিকক বন্দী কৰি সম্পূৰ্ণ একনায়কত্ববাদী শাসন চলাই আহিছিল। আনকি ছিৰিয়াত বিদ্ৰোহ চলি থকা সময়তো নিৰ্বাচনৰ নামত ব্যাপক ৰিগিঙেৰে অভিলেখ হাৰত ভোট লাভেৰে নিজকে নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰি আহিছিল। সুদীৰ্ঘ ২৪ বছৰ ধৰি ছিৰিয়া শাসনৰ অন্তত ৮ ডিচেম্বৰৰ দিনা ছিৰিয়াত আছাদ যুগৰ শাসনৰ অন্ত পৰিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.