প্ৰসংগ আছিল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ হত্যাকাণ্ড। উদ্ধাৰ হোৱা এটা মুণ্ডহীন জ্বলি যোৱা মৃতদেহক লৈ সৃষ্টি চাঞ্চল্য আৰু ৰহস্যৰ। প্ৰথমে সেয়া সুনীল গগৈৰ মৃতদেহ বুলি চৰ্চা হৈছিল কিন্তু এতিয়া সেয়া সুনীল গগৈৰ মৃতদেহ নহয় বুলি প্ৰকাশ পালে DNA পৰীক্ষাৰ ৰিপ’ৰ্টত। সেয়া সুনীল গগৈৰ সৈতে জল-জীৱন মিছনৰ কাম কৰা ৰাজমিস্ত্ৰী ধুবুৰী ফলিমাৰিৰ জাহাংগীৰ হুছেইনৰ হে। ইপিনে সুনীল ঘৰৰ ওচৰতে লাভ কৰা মৃতদেহৰ অংশৰ কাষত উদ্ধাৰ হৈছিল জাহাংগীৰ বেল্টৰ এটা অংশ। জাহাংগীৰ ভাতৃ জাহিদুৰে চিনাক্ত কৰিছিল সেই অংশ। তাৰ পাছতে ঘটনাই ললে নাটকীয় মোৰ। শেহতীয়াকৈ জাহাংগীৰৰ DNA ৰ লগত জাহিদুৰৰ DNA মিল পোৱাত আৰক্ষী নিশ্চিত হ’ল সেইয়া জাহাংগীৰ হুছেইনেই হয়। লখিমপুৰ আৰক্ষী অধীক্ষকে মঙলবাৰে সংবাদমেল যোগে এই কথা ঘোষণা কৰাৰ সমান্তৰালভাৱে সুনীল গগৈৰ বিৰুদ্ধে ৰুজু কৰিলে এটা গোচৰ। সেই অনুসৰি ঢকুৱাখনা আৰক্ষীৰ এটা দলে নিশাই সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজা জয়ন্ত গগৈৰ নামত দুখনকৈ ন’টিচ জাৰি কৰাৰ লগতে পত্নী পুষ্পা গগৈ আৰু বৃদ্ধ মাতৃকো থানালৈ থানা হাজিৰ হ’ব নিৰ্দেশ দিছিল। আজি পুৱা দহ বজাৰ ভিতৰত তেওঁলোক ঢকুৱাখনা থানাত হাজিৰ হয়। ইপিনে সন্ধান নাই জল জীৱন মিচনৰ ঠিকাদাৰ সুনীল গগৈৰ। তেওঁৰ পৰিয়ালবৰ্গই দহা-কাজো সম্পন্ন কৰিলে কিন্তু আৰক্ষীৰ ম’তে সুনীল গগৈ মৃত্যু হোৱা নাছিল। কিন্তু সুনীল গগৈৰ পত্নীৰ প্ৰশ্ন- ‘‘আৰক্ষীয়ে সন্ধান নোপোৱাকৈ সুনীল গগৈয়ে হত্যাকাৰী বুলি কেনেকৈ জানিলে? এতিয়া জীৱিত অথবা মৃত অৱস্থাত সন্ধান লাগে সুনীল গগৈৰ। অসম আৰক্ষীয়ে এজন সাধাৰণ পলাতক মানুহক বিচাৰোতে ইমান দীঘলীয়া সময় কিয় ল’লে?’’ লগতে সুনীল গগৈ যদি প্ৰকৃত দোষী প্ৰমাণিত হয় তেওঁৰ চকুৰ সন্মুখতে গুলীয়াই দিয়াৰ দাবী জনালে পত্নী পুষ্পা গগৈয়ে। ইপিনে মঙলবাৰে দিনটোতে দুৰ্নীতিৰ অভিযোগত সুনীল গগৈয়ে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত ধৰাই দিয়া ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা জয়ন্ত গোস্বামীয়ে জামিন পোৱাত সুনীল গগৈৰ পত্নীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইফালে সুনীলৰ সন্ধান দিওতালৈ ৫০হাজাৰ টকা ঘোষণা কৰিছে আৰক্ষীয়ে। লগতে সুনীল গগৈক ম’ষ্ট ৱাডেণ্ট ঘোষণা লখিমপুৰ আৰক্ষীয়ে। উল্লেখ্য যে ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চোমনীত উদ্ধাৰ হৈছিল জ্বলি ছাই হোৱা মৃতদেহ। হত্যাৰ পাছতে ঘাতকে হাত ভৰি নেফানেফ কৰি নোহোৱা কৰিছিল মৃতদেহ। চিনাক্ত কৰিব নোৱৰাকৈ ঘাতকে জ্বলাই ছাই কৰি দিছিল মৃতদেহটো। ২ জুনৰ পুৱতি নিশা নৃশংস ঘটনাটো পোহৰলৈ আহিছিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.