NEWS

কাহিলীপাৰাত শোকাৱহ ঘটনাঃ সন্তানক টিউচনৰ পৰা আনিবলৈ গৈ আধাবাটতে মৃত্যু জিতুৰ

কাহিলীপাৰাত সন্ধ্যা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। কাহিলীপাৰাত বিদ্যুত বিভাগে যেন পাতি ৰাখিছিল মৰণফান্দ। ৰাস্তাৰে স্কুটি লৈ গৈ থকা অৱস্থাতে এজন লোকৰ গাত বাগৰি পৰে বিদ্যুৎ পৰিবাহী খুটা। জানিব পৰা মতে, সন্তানক টিউচনৰ পৰা আনিবলৈ যোৱাৰ মুহূৰ্ততে কৰুণ মৃত্যুক সাৱটি ল’লে লোকজনে। মৃত্যু হোৱা লোকজনৰ নাম জিতু হাজৰিকা আৰু বয়স ৩৮ বছৰ বুলি জানিব পৰা গৈছে। এই মৰ্মান্তিক ঘটনাৰ পিছতে মহানগৰীত বিদ্যুৎ বিভাগৰ নিম্ন মানৰ কাম আৰু বিভাগীয় গাফিলতিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে সচেতন মহলে। জানিব পৰা মতে, বহুদিন পূৰ্বেই ম্যাদ উকলিছিল বাগৰি পৰা সেই বিদ্যুৎ পৰিবাহী খুঁটাটোৰ। কিন্তু বিদ্যুৎ বিভাগে সেই স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। লোকজনৰ ঘৰ কাহিলীপাৰাৰ লোকবন্ধু নগৰত বুলি জানিব পৰা গৈছে। অসমৰ বাতৰি / খবৰ / অসম / Guwahati News: সন্তানক টিউচনৰ পৰা আনিবলৈ গৈছিল জিতু, আধাবাটতে ৰৈ আছিল যমদূত, কাহিলীপাৰাত শোকাৱহ ঘটনা Guwahati News: সন্তানক টিউচনৰ পৰা আনিবলৈ গৈছিল জিতু, আধাবাটতে ৰৈ আছিল যমদূত, কাহিলীপাৰাত শোকাৱহ ঘটনা সন্তানক টিউচনৰ পৰা আনিবলৈ যোৱাৰ মুহূৰ্ততে কৰুণ মৃত্যুক সাৱটি ল’লে লোকজনে। মৃত্যু হোৱা লোকজনৰ নাম জিতু হাজৰিকা আৰু বয়স ৩৮ বছৰ বুলি জানিব পৰা গৈছে। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : June 10, 2024, 9:54 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Birinchi Kumar Deka সম্পৰ্কীয় বাতৰি কাহিলীপাৰাত সন্ধ্যা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। কাহিলীপাৰাত বিদ্যুত বিভাগে যেন পাতি ৰাখিছিল মৰণফান্দ। ৰাস্তাৰে স্কুটি লৈ গৈ থকা অৱস্থাতে এজন লোকৰ গাত বাগৰি পৰে বিদ্যুৎ পৰিবাহী খুটা। জানিব পৰা মতে, সন্তানক টিউচনৰ পৰা আনিবলৈ যোৱাৰ মুহূৰ্ততে কৰুণ মৃত্যুক সাৱটি ল’লে লোকজনে। মৃত্যু হোৱা লোকজনৰ নাম জিতু হাজৰিকা আৰু বয়স ৩৮ বছৰ বুলি জানিব পৰা গৈছে। বিজ্ঞাপন এই মৰ্মান্তিক ঘটনাৰ পিছতে মহানগৰীত বিদ্যুৎ বিভাগৰ নিম্ন মানৰ কাম আৰু বিভাগীয় গাফিলতিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে সচেতন মহলে। জানিব পৰা মতে, বহুদিন পূৰ্বেই ম্যাদ উকলিছিল বাগৰি পৰা সেই বিদ্যুৎ পৰিবাহী খুঁটাটোৰ। কিন্তু বিদ্যুৎ বিভাগে সেই স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। লোকজনৰ ঘৰ কাহিলীপাৰাৰ লোকবন্ধু নগৰত বুলি জানিব পৰা গৈছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Guwahati First Published : June 10, 2024, 9:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.