NEWS

এসময়ত মহামাৰীৰ কালৰূপ, কিছু পৰামৰ্শ আৰু তাৰ পিছৰে পৰা হ’ল পৰম্পৰা!

Sitola puja celebrated in Nalbari নলবাৰীৰ জিলা ঢেকীয়াবাৰীত শিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত ৬৯সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা পূজা অনুষ্ঠিত কৰা হৈছে। ৬৯বৰ্ষ গৰকা এই শীতলা পূজা প্ৰতিবছৰৰ দৰে এইবাৰো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই শীতলা পূজাৰ আছে কিছু মহত্ব আৰু কিছু কাহিনী। ৬৯ বছৰ পূৰ্বে নলবাৰীৰ ঢেকীয়াবাৰী আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলটোত বসন্ত ৰোগে মহামাৰীৰ ৰূপ ধৰিছিল, এজন লোকক সৎকাৰ কৰি উভতাৰ পিছত আন এজনৰ মৃত্যু হৈছিল, এই মহামাৰীয়ে অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছিল। সেই সময়ত কৰবাৰ পৰা এজন সাধু সন্যাসী আহি গাঁওবাসীক শীতলা পূজা কৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়া বয়োজেষ্ঠ ব্যক্তিসকলে লগ হৈ শীতলা পূজাৰ আয়োজন কৰিছিল আৰু মহামাৰীৰ পৰা অঞ্চলটো ৰক্ষা পৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা প্ৰতিবছৰে শীতলা পূজা অনুষ্ঠিত কৰি অহা হয়। অইনবেলিৰ দৰেই এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শীতলা পূজা। জলাৰোহণ, ঢুলীয়াবাদন, ওজাপালি বন্দনা, পুষ্পাঞ্জলি প্ৰদান, দুপৰীয়া সমূহীয়া ভোগ বিতৰণ আদিৰ লগতে আবেলিভাগত ওজাপালি প্ৰদৰ্শন, সন্ধিয়া আৰতি প্ৰদান নাগাৰা নাম আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই শীতলা পূজালৈ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। সমাজৰ পৰা অপায় অমংগল, ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ধূপ চাকি নৈবদ্যৰে শীতলা পূজাত সেৱা গ্ৰহণ কৰে। শীতলা পূজাৰ প্ৰতিটো দিনতেই অগণন ভক্তৰ সমাগম হয় বুলি সভাপতি দ্বিজেন্দ্ৰ কুমাৰ শৰ্মাৰ লগতে সমিতিয়ে জানিবলৈ দিয়ে। অসমৰ বাতৰি / খবৰ / অসম / Nalbari News: এটা সময়ত মহামাৰীয়ে কাঢ়ি নিছিল বহুতৰে প্ৰাণ, তাৰ পিছৰে পৰা এইসকলে ৰাইজে পালন কৰি আহিছে এই পৰম্পৰা Nalbari News: এটা সময়ত মহামাৰীয়ে কাঢ়ি নিছিল বহুতৰে প্ৰাণ, তাৰ পিছৰে পৰা এইসকলে ৰাইজে পালন কৰি আহিছে এই পৰম্পৰা Sitola puja celebrated in Nalbari নলবাৰীৰ জিলা ঢেকীয়াবাৰীত শিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত ৬৯সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা পূজা অনুষ্ঠিত কৰা হৈছে। অধিক পঢ়ক … 1-MIN READ Assam Nalbari,Nalbari,Assam Last Updated : April 3, 2024, 4:02 pm IST Published By : kangkan deka Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি নলবাৰীৰ জিলা ঢেকীয়াবাৰীত শিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত ৬৯সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা পূজা অনুষ্ঠিত কৰা হৈছে। ৬৯বৰ্ষ গৰকা এই শীতলা পূজা প্ৰতিবছৰৰ দৰে এইবাৰো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই শীতলা পূজাৰ আছে কিছু মহত্ব আৰু কিছু কাহিনী। ৬৯ বছৰ পূৰ্বে নলবাৰীৰ ঢেকীয়াবাৰী আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলটোত বসন্ত ৰোগে মহামাৰীৰ ৰূপ ধৰিছিল, এজন লোকক সৎকাৰ কৰি উভতাৰ পিছত আন এজনৰ মৃত্যু হৈছিল, এই মহামাৰীয়ে অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছিল। বিজ্ঞাপন সেই সময়ত কৰবাৰ পৰা এজন সাধু সন্যাসী আহি গাঁওবাসীক শীতলা পূজা কৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়া বয়োজেষ্ঠ ব্যক্তিসকলে লগ হৈ শীতলা পূজাৰ আয়োজন কৰিছিল আৰু মহামাৰীৰ পৰা অঞ্চলটো ৰক্ষা পৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা প্ৰতিবছৰে শীতলা পূজা অনুষ্ঠিত কৰি অহা হয়। অইনবেলিৰ দৰেই এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শীতলা পূজা। জলাৰোহণ, ঢুলীয়াবাদন, ওজাপালি বন্দনা, পুষ্পাঞ্জলি প্ৰদান, দুপৰীয়া সমূহীয়া ভোগ বিতৰণ আদিৰ লগতে আবেলিভাগত ওজাপালি প্ৰদৰ্শন, সন্ধিয়া আৰতি প্ৰদান নাগাৰা নাম আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই শীতলা পূজালৈ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। সমাজৰ পৰা অপায় অমংগল, ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ধূপ চাকি নৈবদ্যৰে শীতলা পূজাত সেৱা গ্ৰহণ কৰে। শীতলা পূজাৰ প্ৰতিটো দিনতেই অগণন ভক্তৰ সমাগম হয় বুলি সভাপতি দ্বিজেন্দ্ৰ কুমাৰ শৰ্মাৰ লগতে সমিতিয়ে জানিবলৈ দিয়ে। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: local18 , Nalbari First Published : April 3, 2024, 3:59 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.