Utpal Sarma attend Congratulatory ceremony of Tihu Aasu সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা টিহু অঞ্চলৰ শিক্ষাৰ্থী সকলক দেওবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনাই । টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা সোৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই অংশ লৈ চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণৰ আছুৱে বিৰোধিতা কৰা বুলি উল্লেখ কৰি চৰকাৰী বিদ্যালয় বন্ধ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰি দিয়া বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে । চৌব্বিছ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খনে এতিয়া এক লাখ চাকৰি হে দিব ওলোৱা বুলি উল্লেখ কৰি আছুৰ সভাপতি গৰাকীয়ে কয় যে নিবনুৱাৰ সংখ্যা অনুযায়ী চৰকাৰৰ হাতত চাকৰিৰ সংখ্যা নাই । হিতাধিকাৰী সৃষ্টি কৰা চিন্তা বাদ দি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা , ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজুদ্দিন আহমেদ , সম্পাদক সমৰজ্যোতি মহন্ত , নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, নলবাৰী জিলা অসম সেনাৰ আহ্বায়ক বিৰাজ গোস্বামী, কন্দৰ্প শৰ্মা আদি কেবাজনেও অংশ লয় । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে উদ্বোধন কৰা অভিনন্দন অনুষ্ঠান টোৰ আত ধৰে দিপাংকৰ দাস আৰু চিন্ময় দাসে । অভিনন্দন অনুষ্ঠান টোত টিহু অঞ্চলৰ প্ৰায় দুশ গৰাকী শিক্ষাৰ্থীক কিতাপৰ টোপোলা, অভিনন্দন পত্ৰ আদিৰে অভিনন্দন জনোৱা হয় । None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.