Jaagran yatra in Barbhag college nalbari নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ত জৈৱ বৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰা শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ ল’লে প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই। উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ সংৰক্ষণ সংস্থা Nature’s Beckonৰ উদ্যোগত ভাৰতৰ অমৃত কাল উপলক্ষে জৈৱ বৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰাৰ অধীনত অসমৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয় আৰু শৈশৱ বিদ্যাপীঠত আয়োজিত হয় এই অনুষ্ঠান। এই অনুষ্ঠানত পৰিবেশ সংস্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে। বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ চৌধুৰীয়ে উক্ত অনুষ্ঠানটোৰ শলাগ লয়আৰু ছাত্ৰ ছাত্ৰী সকলকো জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। উক্ত দুয়োটা অনুষ্ঠানতে Nature’s Beckonহৈ কবি সাহিত্যিক পংকজ গোবিন্দ মেধি, গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকা আৰু পৰিবেশ সংস্থা দি গ্ৰীণ গ্লোৱৰ ৰাজেশ দত্ত বৰুৱাৰ লগতে বহুকেইগৰাকীবিশিষ্ট ব্যক্তি উপস্থিত থাকে। জৈৱ বৈচিত্ৰ সংৰক্ষণ বিদ্যাৰ্থী জাগৰণ যাত্ৰা শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন মহাবিদ্যালয়ত অনুষ্ঠিত কৰি অহা বুলি জানিবলৈ দিয়ে প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই। জৈৱ বৈচিত্ৰৰ গুৰুত্ব বুজি নৱপ্ৰজন্মই যাতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহে, সমাজ সংস্কাৰ আৰু সমাজৰ বাবে যাতে আগবাঢ়ি আহে, সেই চেতনা জাগৰণৰ বাবে এই জাগৰণ যাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে Nature’s Beckonয়ে। সকলো নৱপ্ৰজন্মই যাতে ছাত্ৰ অৱস্থাৰ পৰাই এই ধৰণৰ কাম কাজক অগ্ৰাধিকাৰ দিয়ে তাৰেই কামনা কৰে প্ৰকৃতিবিধ সৌম্যদ্বীপ দত্তই। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.