NEWS

IPL 2025 Age Controversy : কোটিপতি হোৱাৰ পিছতে বিতৰ্কত ১৩ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী! কিহক লৈ সৃষ্টি হৈছে বিতৰ্কৰ?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলামত ৰাজস্থান ৰয়েলছ দলে ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰিছিল বৈভৱ সূৰ্যবংশীক। ১৩ বছৰ বয়সীয়া হিচাপে পৰিচিত এইগৰাকী ক্ৰিকেটাৰ এতিয়া বয়স সংক্ৰান্তীয় বিতৰ্কত সোমাই পৰিছে। বহুতেই তেওঁৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ তুলিছে। বিষয়টো গুৰুতৰ, কাৰণ এটা পুৰণি সাক্ষাৎকাৰত বৈভৱে নিজেই কিছুমান কথা কৈছিল আৰু সেই ভিডিঅ’ অনুসৰি তেওঁৰ বয়স বৰ্তমান ১৫ বছৰ হ’ব লাগে। বিহাৰৰ সমস্তিপুৰৰ পৰা অহা বৈভৱ সূৰ্যবংশী আই পি এলৰ নিলামত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে অংশ লোৱাৰ পৰাই আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাজস্থান ৰয়েলছে তেওঁক ৩০ লাখ টকাৰ বেছ প্ৰাইচৰ পৰা আৰম্ভ কৰি ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰে। দিল্লী কেপিটেলছেও তেওঁক দলত লোৱাৰ চেষ্টা চলাইছিল। বৈভৱে এই বছৰ জানুৱাৰীত ৰঞ্জি ট্ৰফীত অভিষেক কৰে আৰু তাৰ পৰাই বয়সক লৈ বিতৰ্ক আৰম্ভ হৈছিল। এক পুৰণি ভিডিঅ’ পোহৰলৈ আহিছে য’ত বৈভৱে কৈছিল যে তেওঁ ২০২৩ চনৰ ছেপ্টেম্বৰত ১৪ বছৰত ভৰি দিব। সেই ভিডিঅ’ৰ ভিত্তিতে এই বয়স বিতৰ্ক আৰম্ভ হৈছে। বৈভৱৰ পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে বিষয়টোক লৈ মুখ খুলিছে। তেওঁ পিটিআইক দিয়া এক সাক্ষাৎকাৰত জনাইছে, ‘‘বৈভৱে চাৰে ৮ বছৰ বয়সৰ পৰাই বিচিচিআইৰ ব’ন টেষ্টৰ প্ৰক্ৰিয়াৰ মাজত আচে। তেওঁ ইতিমধ্যে ভাৰতৰ অনূৰ্ধ্ব ১৯ দলত খেলাৰ সুযোগ পাইছে। বয়সক লৈ বিতৰ্কক লৈ মোৰ কোনো ভয় নাই। প্ৰয়োজনত বৈভৱে আকৌ এই ব’ন টেষ্ট কৰিবলৈ প্ৰস্তুত।’’ উল্লেখযোগ্য যে ব’ন টেষ্টৰ জৰিয়তে খেলুৱৈসকলৰ প্ৰকৃত বয়স নিৰ্ধাৰণ কৰা হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.