NEWS

Bangladesh Civil Unrest: সংৰক্ষণক লৈ বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে থকা ৩০% সংৰক্ষণ ৫%লৈ হ্ৰাস, পূৰ্বৰ ৫৬% সংৰক্ষণ ৭%লৈ হ্ৰাস বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ

১৫১ জনৰ মৃত্যুৰ পাছত চৰকাৰী চাকৰিত সংৰক্ষণক লৈ ঐতিহাসিক ৰায় বাংলাদেশৰ উচ্চ ন্যায়ালয়ৰ। চৰকাৰী চাকৰিত পূৰ্বৰ ৫৬ শতাংশৰ পৰা মাত্ৰ ৭ শতাংশলৈ কমিল সংৰক্ষণ। এই ৰায়ৰ পাছতে বাংলাদেশত ৯৩ শতাংশলৈ বৃদ্ধি পালে মেধাৰ ভিত্তিত নিয়োগৰ ব্যৱস্থা। পূৰ্বে মেধাৰ ভিত্তিত মাত্ৰ ৪৪% আবেদনকাৰীৰ নিয়োগৰ ব্যৱস্থা আছিল বাংলাদেশৰ চৰকাৰী চাকৰিত। দেশজুৰি কেইবাদিনো ধৰি চলা তীব্ৰ আন্দোলনৰ পাছত দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৫২ বছৰ ধৰি চলা ব্যৱস্থাত সংস্কাৰ আনিব বুলি আশা একাংশ প্ৰতিবাদকাৰীৰ।ঐতিহাসিক ৰায়টোত আন্দোলন প্ৰত্যাহাৰ কৰি ছাত্ৰ সমাজক শিক্ষানুষ্ঠানলৈ উভতি যোৱাৰ আহ্বান জনালে বাংলাদশৰ উচ্চতম ন্যায়ালয়ে। দেওবাৰৰ ৰায়ৰ পাছতে পৰিস্থিতি শান্ত হোৱাৰ আশা বাংলাদেশৰ জনতাৰ। আগৰ দৰে বাংলাদেশৰ চৰকাৰী চাকৰিত ৩০% সংৰক্ষণৰ সুবিধা ভোগ কৰিব নোৱাৰিব মুক্তিযোদ্ধাৰ পৰিয়ালে। সেই পৰিমাণ ৫%লৈ হ্ৰাস কৰাৰ নিৰ্দেশ বাংলাদেশৰ সৰ্বোচ্চ আদালতৰ। মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে থকা ৩০% সংৰক্ষণ ৫%লৈ হ্ৰাস কৰি জনজাতিৰ বাবে থকা ১% আৰু প্ৰতিবন্ধীৰ লগতে তৃতীয় লিংগৰ আৱেদনকাৰীৰ বাবে আন ১% সংৰক্ষণ বাহাল ৰখাৰ নিৰ্দেশক আদৰণি জনাইছে বাংলাদেশৰ একাংশ লোকে। ১৯৭২ চনৰ পৰা বাংলাদেশৰ চৰকাৰী চাকৰিত চলি আছিল ৫৬% সংৰক্ষণৰ ব্যৱস্থা। য’ত স্বীকৃতিপ্ৰাপ্ত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে ৩০%, মহিলাৰ বাবে ১০%, বিভিন্ন জিলাৰ বাবে ১০%, জনজাতিৰ বাবে ৫% আৰু প্ৰতিবন্ধীৰ বাবে আছিল ১% সংৰক্ষণৰ ব্যৱস্থা। সংৰক্ষণৰ এই ব্যৱস্থা সলনি কৰাৰ দাবীত চলা আন্দোলনৰ পাছত শ্বেখ হাছিনাৰ চৰকাৰে ২০১৮ চনত বাতিল কৰিছিল মুক্তিযোদ্ধাৰ পৰিয়াল, মহিলা আৰু বিভিন্ন জিলাৰ বাবে থকা ৫০% সংৰক্ষণৰ ব্যৱস্থা। শ্বেখ হাছিনাৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ২০১১ চনত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মুক্তিযোদ্ধাৰ ৭টা পৰিয়াল। সেই গোচৰৰ আধাৰতে পূৰ্বৰ দৰে সংৰক্ষণ ব্যৱস্থা চলাই থাকিবলৈ উচ্চ ন্যয়ালায়ে ৰায় দিয়াৰ পাছতে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদশত। সংৰক্ষণ ব্যৱস্থা বাতিলৰ দাবীত আন্দোলন বিয়পি পৰিছিল সমগ্ৰ বাংলাদেশত। অশান্ত হৈ পৰিছিল ছাত্ৰ সমাজে আৰম্ভ কৰা শান্তিপূৰ্ণ প্ৰতিবাদ। প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষীৰ লগতে সেনাবাহিনী। দেশজুৰি বন্ধ হৈ পৰিছিল শিক্ষানুষ্ঠান। চৰকাৰে কৰ্তন কৰিব লগা হৈছিল ইণ্টাৰনেট সেৱা। এনে পৰিস্থিতি প্ৰাণৰ আশংকাত ভুগিছিল ভাৰতৰ ৮৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মসূত্ৰে বাংলাদেশত থকা ১৫ হাজাৰ ভাৰতীয়ই। অশান্ত পৰিস্থিতিৰ মাজত বাংলাদেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকা একাংশ ছাত্ৰ ছাত্ৰী উভতি আহিল ভাৰতলৈ। ইতিমধ্যে মেঘালয়ৰ ডাউকী সীমান্তৰে ৪০৫ গৰাকী, কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ৭১ গৰাকী চিকিৎসাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী উভতি আহিছে ভাৰতলৈ। দেওবাৰে ধুবুৰী হৈ ৩৫০ গৰাকী আৰু ত্ৰিপুৰা সীমান্তৰে ৬৬৫ গৰাকী ছাত্ৰ ছাত্ৰী উভতি অহাৰ পাছতে সংৰক্ষণ ব্যৱস্থাক লৈ ঐতিহাসিক ৰায় দিলে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে। এই ৰায়ৰ পাছতে বাংলাদেশৰ পৰিস্থিতি শান্ত হ’ব বুলি আশা কৰিছে ভাৰতলৈ উভতি অহা ছাত্ৰ ছাত্ৰীয়ে।পৰিস্থিতি শান্ত হ’লে বাংলাদশলৈ উভতি গৈ আধৰুৱা পঢ়াশুনা সম্পূৰ্ণ কৰাৰো আশা হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.