NEWS

Dibrugarh News: প্ৰলয়ংকৰী বানে ১৫ লাখতকৈও অধিক মূল্যৰ সম্পদৰ ক্ষতি কৰিলে টেঙাখাতৰ 'মা মানস জৈৱিক কৃষিপাম'ৰ

জৈৱিক কৃষিকৰ্মৰে জীৱন জীয়াৰ সপোন দেখা দীপক গগৈক বুঢ়ীদিহিংৰ বলীয়া বানে সপোন চূৰম প্ৰলয়ংকাৰী বানে ১৫ লাখতকৈও অধিক টকা ক্ষতিগ্ৰস্ত কৰিলে টেঙাখাতৰ মা মানস জৈৱিক কৃষিপামৰ। বুঢ়ীদিহিংৰ বলীয়া বানেসপোন চূৰমাৰ কৰিলে কৃষকৰ। ৰাজ্যৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিলে লাখ লাখ কৃষকৰ কৃষিভূমি।২ জুলাইত টেঙাখাতৰ ঘুমতালত বুঢ়ীদিহিং নদীৰ মথাউৰি ছিঙি সোমোৱা বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল বিস্তৰ ক্ষতি সাধন কৰে। প্ৰায় এক সপ্তাহ ধৰি টেঙাখাতৰ ৩০ খনকৈ গাওঁ এই অনাকাংক্ষিত বান পানীত বুৰ যায়। বানৰ কবলত পৰা ৩০ খন গাঁৱৰ লগতে টেঙাখাতৰ নিচেই কাষতে থকা চুঙিপথাৰ গাওঁখনো প্লাৱিত হয়। এই চুঙিপথাৰ গাঁৱৰে নিবাসী এজন উদ্যমী কৃষক হৈছেদীপক গগৈ। দীপকে জৈৱিক কৃষি পদ্ধতিৰে প্ৰায় ২২ বিঘা কৃষিভূমিত মীন পালন,গাহৰি পালন,পশু পালন,কল,অমিতা,ধান,বিভিন্ন শাক পাচলিৰ খেতি কৰিছিল। এই সকলোবোৰ একগোট কৰি আটোমটোকাৰী কৈ নিজৰ কৃষিভূমিতপ্ৰায় ৪ বছৰৰ পূৰ্বে নিজৰ গাঁঠিৰ ধন ভাঙিআৰম্ভ কৰিছিল “মা মানস জৈৱিক কৃষি পাম"নামৰ এখন কৃষিপাম। কৃষি কৰ্ম কৰি পৰিয়াল পোহপাল দি স্বাৱলম্বীহোৱা দীপক গগৈয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰম্ভ কৰা এই পামখনত আছিল অমিতা খেতি, ৪০ টাকৈ গাহৰি, দুই শতাধিক লোকেল কুকুৰা-হাঁহকে ধৰি মৎস্য পালন, কেইবা বিঘাৰ বিভিন্ন প্ৰজাতিৰ কল আৰু ধানৰ খেতি। এই আটাইবোৰক সাৱটি জীৱন জীয়াৰ সপোন দেখা দীপক গগৈলৈ বৰ্তমান নামি আহিছে অমানিশা। কাৰণ চাৰি বছৰৰ পূৰ্বে দেখা সপোনটোক বাস্তৱ ৰূপ দিয়াৰ সময়তেই বুঢ়ীদিহিংৰ বলীয়া বানে সকলো সপোন চূৰমাৰ কৰি ১৫ লাখতকৈও অধিক টকাৰ উৎপাদন ক্ষতিগ্ৰস্ত কৰিলে। বাঢ়নী পানীয়ে উটুৱাই লৈ গ’লপুখুৰীৰ মাছ, শাক পাচলি, পশুধন। তলকিবই নোৱাৰিলে হঠাতে অহা বানপানীৰ বাবে দীপকে। বানপানীত সকলোবোৰ হেৰুৱাই এতিয়া উদ্যমী কৃষক দীপক গগৈয়ে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। কিংকৰ্তব্যবিমূঢ় হৈ হাহাকাৰ কৰিছে কৃষক গগৈৰ পৰিয়ালটোৱে। এনে এক কৰুণ পৰিস্থিতত এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ কৃষি বিভাগ,পশু বিভাগ,মীন বিভাগৰ পৰা বিচাৰিছে সহায়ৰ হাত। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.