NEWS

নামৰূপত নিচাসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড! বন্ধুৰ মৃত্যুৰ খবৰ পৰিয়ালক নজনোৱাকৈ সৎকাৰ কৰাৰ পাছত আৰক্ষীৰ চমন পাই চৰম পথ বাছি ল’লে নিচাসক্ত যুৱকে, ৰহস্য ভেদ কৰিব পাৰিবনে নামৰূপ আৰক্ষীয়ে?

বিগত ৮ জুলাইত নিৰুদ্দেশ হৈছিল কৰ্মসূত্ৰে মৰাণত থকা নামৰূপৰ যুৱক শংকৰ মালা। মৰাণৰ পৰা ঘৰলৈ অহা শংকৰে বন্ধু গিৰীশ হাজৰিকাৰ কন্যাৰ জন্মদিনলৈ বুলি ওলাই গৈছিল ৮ জুলাইৰ সন্ধিয়া। প্ৰথমে জন্মদিনৰ পাৰ্টীৰ পৰা মৰাণৰ কৰ্মস্থলীলৈ শংকৰ উভতি যোৱা বুলি ভাবি আছিল পৰিয়ালৰ লোকে। কিন্তু মৰাণতো শংকৰৰ সন্ধান নাপাই ১৩ জুলাইত নামৰূপ আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক। পৰিয়ালৰ এজাহাৰৰ আধাৰত নিৰুদ্দেশৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। ম’বাইল ফোন নথকা শংকৰক বিচাৰি প্ৰথমে গিৰীশ হাজৰিকাক সোধাপোছা কৰিলে আৰক্ষীয়ে। গিৰীশ হাজৰিকাৰ ম’বাইলৰ কল ৰেকৰ্ড পৰীক্ষা কৰোতেই গুৰুত্বপূৰ্ণ তথ্য পালে নামৰূপ আৰক্ষীয়ে। শংকৰ নিৰুদ্দেশ হোৱাৰ নিশা মুকেশ বাৰ্মা নামৰ এজন গাড়ীচালকলৈ ৮ বাৰ ফোন কৰিছিল গিৰীশ হাজৰিকাই। লগে লগে ভাড়াগাড়ী চলোৱা মুকেশ বাৰ্মাক জেৰা চলালে নামৰূপ আৰক্ষীয়ে। জেৰাত পোহৰলৈ আহিল ৮ জুলাইৰ নিশা মাক অসুস্থ হোৱা বুলি গাড়ীখন লৈ গিৰীশ হাজৰিকাই মুকেশক ঘৰলৈ মতাৰ কথা। কিন্তু ঘৰ পোৱাৰ পাছত মাকৰ সলনি অসুস্থ অৱস্থাত এখন কাপোৰেৰে মেৰিয়াই শংকৰ মালাক গাড়ীত তুলি লৈছিল গিৰীশ হাজৰিকাই। যিমান পাৰি সিমান সোনকালে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ গাড়ী দৌৰাবলৈ মুকেশক নিৰ্দেশ দিলে গিৰীশ হাজৰিকাই। চিকিৎসালয়ত অসুস্থ শংকৰ মালাক নমোৱাৰ পাছতে ভাড়া দি গিৰীশে বাহিৰে বাহিৰে বিদায় দিলে গাড়ীচালক মুকেশ বাৰ্মাক। গাড়ীচালক মুকেশৰ পৰা এই তথ্য পোৱাৰ পাছত গিৰীশক জেৰা কৰাৰ সিদ্ধান্ত ল’লে নামৰূপ আৰক্ষীয়ে। AMCH পোৱাৰ পাছত শংকৰৰ কি হ’ল তাক জানিবলৈ গিৰীশ হাজৰিকাক চমন দিলে আৰক্ষীয়ে। কিন্তু আৰক্ষীক সহযোগ কৰাৰ সলনি চৰম পথ বাছি ল’লে গিৰীশ হাজৰিকাই। তাৰপাছতে অধিক ৰহস্যঘন হৈ পৰিল শংকৰ মালা নিৰুদ্দেশ হোৱাৰ ঘটনা। অৱশ্যে গিৰীশৰ মৃত্যুৰ পাছত মুখ খুলিছে পত্নীয়ে। গিৰীশৰ পত্নীৰ মতে ৮ জুলাইৰ নিশা কন্যাৰ জন্মদিন খাবলৈ আহোতে অসুস্থ হৈ পৰিছিল শংকৰ মালা। AMCHত অসুস্থ শংকৰৰ মৃত্যুৰ পাছত ডিব্ৰুগড়তে গিৰীশে সৎকাৰ কৰাৰ কথাও জনালে পত্নীয়ে। কিন্তু পৰিয়ালৰ ঠিকনা নজনাৰ বাবে কাকো নজনোৱাকৈ শংকৰক AMCH লৈ নিয়া বুলি গিৰীশ হাজৰিকাৰ পত্নীয়ে দিয়া ভাষ্য মানি লোৱা পাই শংকৰ মালাৰ আত্মীয়ই। এই দুই বিপৰীতে ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ। লগতে ৮ জুলাইত কন্যাৰ জন্মদিনৰ দিনা গিৰীশে ড্ৰাগছ সেৱন কৰা বুলি পত্নীয়ে দিয়া ভাষ্যই উন্মোচন কৰিলে নতুন দিশ। ড্ৰাগছ আসক্তিৰ পৰিণতিতে শংকৰ মালাৰ মৃত্যু হোৱাৰ আশংকা কৰি নামৰূপ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বিপৰীতে শংকৰ মালাক অপহৰণ কৰি গিৰীশ হাজৰিকাই হত্যা কৰাৰ দাবীত অটল হৈ আছে শংকৰৰ পৰিয়াল। নিৰুদ্দিষ্ট যুৱকৰ সন্ধান চলাওতে লাভ কৰা এনে তথ্যই বিভ্ৰান্তিত পেলাইছে নামৰূপ আৰক্ষীক। এতিয়া ডিব্ৰুগড়ত শংকৰক সৎকাৰ কৰা স্থান নিৰূপণ কৰাৰ চেষ্টা কৰিছে আৰক্ষীয়ে। সেই স্থান নিৰূপণ হোৱাৰ পাছত DNA পৰীক্ষাইহে নিশ্চিত কৰিব শংকৰ মালা মৃত্যু হোৱাৰ তথ্য। এই তথ্যৰ পাবলৈ নামৰূপ আৰক্ষীয়ে সন্ধান পাব লাগিব ডিব্ৰুগড়ত শংকৰ মালাক সৎকাৰ কৰা স্থান। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.