মাংসপেশী ঢিলা হ'লে হ'ব পাৰে শৰীৰৰ বহু সমস্যা। দৈনিক ব্যায়ামে আমাৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য ওপৰত কিদৰে প্ৰভাৱ পেলাই? এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে চিকিৎসক ডাঃ সুমেধা শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, বিভিন্ন মানসিক সমস্যা যেনে ডিপ্ৰেচন, এনজাইটি আদি নিৰ্ভৰ কৰে আমাৰ জীৱন শৈলী আৰু খাদ্যভাসৰ ওপৰত। মোৰ অভিজ্ঞতাৰ পৰা ক’বলৈ গ’লে মই বিগত ১২ বছৰে যোগাসন, প্ৰাণায়াম কৰি আহিছোঁ, দৈনিক খোজ কাঢ়োঁ। লগতে যোৱা ২ বছৰৰ পৰা জীম কৰিছোঁ। শিশুৰ পৰা বয়সস্থ ব্যক্তিলৈকে যিবোৰ মানসিক সমস্যা দেখা যায় সেইবিলাক যোগাসনে সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰে বা কম্পিউটাৰ, লেপটপত কাম কৰে। তেতিয়া আমাৰ ৰাজহাঁড় বিষ হ’ব পাৰে। এই সমস্যাটো এতিয়া আমি নেদেখিব পাৰো কিন্তু পিছলৈ ৰাজহাঁড়ৰ বিষে গোটেই শৰীৰত বিষ কৰিব পাৰে। ইয়াৰ বাবে যোগাসনে আমাক বহুত সহায় কৰে। দ্বিতীয়তে প্ৰাণায়ামে আমাৰ মানসিক সমস্যাৰ পৰা হাত সাৰি থকাত সহায় কৰে। ৰাতিপুৱা শুই উঠি যদি আমি ১৫ মিনিট নাইবা ৩০ মিনিট ধ্যান কৰোঁ তেতিয়া আমি ইয়াৰ পৰা বহুখিনি উপকাৰিতা লাভ কৰিব পাৰো। ৩০ বছৰ পাছত মাংসপেশী ঢিলা হোৱা পৰিলক্ষিত হয়। যদি আমি জিম কৰোঁ তেতিয়া আমাৰ শৰীৰৰ মাংসপেশী টান কৰি ৰাখিব পাৰো। যেতিয়া মাংসপেশী ঢিলা হয় তেতিয়া পিছলৈ শৰীৰত বিষ অনুভৱ হয়। ইয়াৰ উপৰি বহুতো সমস্যাই দেখা দিব পাৰে। যোগাসন, জিম কৰিলে কুজা হোৱা সমস্যা, হৃদৰোগৰ সমস্যাৰ পৰাও আমি হাত সাৰি থাকিব পাৰো। খাদ্যৰ ক্ষেত্ৰত আমি সদায় প্ৰ’টিন থকা খাদ্যসমূহ গ্ৰহণ কৰিব লাগে। সদায় আমি ফাষ্ট ফুড, শীতল পানীয় আদি খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। লগতে প্ৰতিদিনে ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি দিনৰ ১১ মান বজাত যিকোনো এটা ফল খোৱাটো ভাল। তেতিয়া আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিব। প্ৰ’টিনৰ লগতে শৰীৰত কাৰ্বহাইড্ৰেডৰো প্ৰয়োজন। গতিকে এটা সময়ত ভাত খাব পাৰে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.