NEWS

Charaideo Maidam: অসমৰ ভিন ভিন জাতি-জনগোষ্ঠীৰ সাজ-পাৰে আকৰ্ষিত কৰিছে চৰাইদেউ মৈদামলৈ অহা দেশী-বিদেশী পৰ্যটকক

জনগোষ্ঠীয় সাজ-পাৰে ভৰি পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিপনী সমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ সোঁত বৈছে পৰ্যটকৰ। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি ভিৰ কৰিছেহি চৰাইদেউ মৈদামত। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে পূৰ্বৰ তুলনাত চৰাইদেউ মৈদামত অত্যধিক পৰ্যটকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে চৰাইদেউ মৈদামৰ কাষতে গঢ়ি উঠা বিপনী সমূহে পৰ্যটক সকলক বিশেষভাৱে আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। বছৰ বছৰ ধৰি মৈদামৰ কাষত গঢ়ি উঠা বিপনী সমূহত বৰ্তমান অধিক গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিয়নো এই বিপনী সমূহত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ সমূহে বিশেষ স্থানলাভ কৰা দেখিবলৈ পোৱা গৈছে। সাজ- পোছাকৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে উত্তৰ পূৰ্বাঞ্চলৰ সাজ-পাৰে বিশেষভাৱে সুকীয়া স্থানদখল কৰি আহিছে। বিপনী সমূহত শাৰী শাৰী কৈ সজাই থোৱা সাজ-পাৰ সমূহৰ প্ৰতি পৰ্যটক সকল আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গ’ল।অসমীয়াৰ স্বাভিমান গামোচাকে ধৰি মিচিং, বড়ো, ৰাভা, কাৰ্বি, মৰাণ, ডিমাছা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, গাৰো, তিৱা আদি জনগোষ্ঠী সকলৰ বিশেষ সাজ-পাৰ সমূহে স্থানলাভ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিপনী সমূহত। যাৰ বাবে অধিক সুন্দৰ হৈ পৰিছে বিপনী সমূহ। পৰম্পৰাগত সাজ-পাৰ সমূহ দেখি বেছিভাগ পৰ্যটক মোহিত হৈ সাজ-পাৰ সমূহ ক্ৰয় কৰা দেখিবৈ পোৱা গ’ল। ২০০ টকাৰ পৰা আৰম্ভ কৰা পৰম্পৰাগত সাজ-পাৰ সমূহৰ মূল্য হাজাৰৰ ঘৰলৈকে হৈছে। ২০২৫ বৰ্ষৰ প্ৰথম দিনকেইটাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত যথেষ্ট লোকৰ ভিৰ হৈছে যদিও অহা ৯,১০ আৰু ১১ জানুৱাৰীত হ’ব লগা চৰাইদেউ মহোৎসৱৰ বিগত দিনকেইটাতকৈও অত্যধিক লোকৰ ভিৰ হোৱাৰ আশা কৰিছে এই বিপনী সমূহৰ বিক্ৰেতা সকলে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.