বিষ্ণু শইকীয়াঃ ১৯৭১ চনৰ পাছত দক্ষিণ-পূব এছিয়াত তথা ভাৰতৰ কাষত গঠন হ’ব পাৰে এখন নতুন ৰাষ্ট্ৰ। নতুন ৰাষ্ট্ৰ গঠনৰ যেন ব্যাপক কুচকাৱাজ চলিছে এতিয়া ভাৰতৰ সীমান্তত। সামৰিক শাসনক উফৰাই ম্যানমাৰত বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে নতুন ৰাষ্ট্ৰ ঘোষণাৰ দিশে আগবাঢ়িছে। ম্যানমাৰৰ জুণ্টা চৰকাৰৰ বিৰুদ্ধে দশকজুৰি চলোৱা সশস্ত্ৰ আন্দোলনৰ পাছত দখল কৰিছে কেইবাখনো চহৰ। ইতিমধ্যে ম্যানমাৰৰ জুণ্টা বাহিনীৰ দখলত থকা ১৫খন গুৰুত্বপূৰ্ণ চহৰ দখল কৰিছে আৰাকান আৰ্মীয়ে। জুণ্টা বাহিনীক ঢোকে ঢোকে পানী খুৱাই আৰাকান আৰ্মীয়ে তীব্ৰ আক্ৰমণ চলাইছে দেশখনত। তিনি মাহৰ আগলৈকে ইউনাইটেড লীগ অৱ আৰাকান আৰু ইয়াৰ সামৰিক শাখা আৰাকান আৰ্মীয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰিছিল। পৰৱৰ্তী সময়ত জুণ্টা বাহিনীৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ ঘাটি দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত ভাৰতৰ পশ্চিমবংগৰ উপকূলীয় সীমাত থকা সিত্তেৱ বন্দৰ কাষ চাপিছিল আৰাকান আৰ্মী। ৩১ ডিচেম্বৰৰ দিনটোত গ্বা চহৰখন ম্যানমাৰ সেনাৰ পৰা আৰাকান আৰ্মীয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, গ্বা চহৰখনত ম্যানমাৰ সেনা অৰ্থাৎ জুণ্টা বাহিনীৰ পশ্চিম ক্ষেত্ৰীয় কামাণ্ডৰ মুখ্য কাৰ্যালয় আছিল। যিখন বৰ্তমান বিদ্ৰোহী আৰাকান আৰ্মীয়ে নিজৰ দখললৈ নিছে। যদিহে আৰাকান আৰ্মীয়ে ৰাখাইন বা পূৰ্বৰ আৰাকান প্ৰদেশখন নিজৰ দখললৈ নিবলৈ সক্ষম হয় তেনেহ’লে নতুন স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰিব লাগিব যে, কিছুদিন পূৰ্বে বাংলাদেশ আৰু ম্যানমাৰ সীমান্তৰ অন্তিমটো সীমান্ত চকী নিজৰ দখললৈ নিছিল আৰাকান আৰ্মীয়ে। বাংলাদেশৰ টেকনাফ অঞ্চলৰ বহু ভিতৰলৈ সোমাই আহিছিল। ম্যানমাৰৰ গুৰুত্বপূৰ্ণ ১৮খন চহৰৰ ভিতৰত ১৫খন চহৰেই আৰাকান আৰ্মীৰ দখলত আছে বৰ্তমান। যদিহে আটাইকেইখন প্ৰদেশ দখল কৰিবলৈ সক্ষম হয় তেনেহ’লে ম্যানমাৰক এখন স্বাধীন নতুন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে। ১৯৭১চনৰ পূৱ পাকিস্তানৰ মুক্তি যুদ্ধৰ পাছত নতুন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল বৰ্তমানৰ বাংলাদেশে। ইফালে বাংলাদেশৰ কক্সবাজাৰৰ টেকনাফত সাগৰপথেৰে প্ৰবেশ কৰিয়েই আছে ৰোহিংগ্যাই। বংগোপ সাগৰৰ উপকূল পথৰে আৰু ম্যানমাৰ বাংলাদেশৰ নাফ নদী পথেৰে চলি আছে ৰোহিংগ্যাৰ প্ৰব্ৰজন। শেহতীয়াকৈ মহিলা-শিশুসহ ৩৬ ৰোহিংগ্যাই প্ৰৱেশ কৰিছিল বাংলাদেশত। বাংলাদেশৰ উপকূলৱৰ্তী অন্তিমটো সীমান্ত টেকনাফৰ ছাবৰাঙৰ মুণ্ডাৰডেল ঘাটেৰে বাংলাদেশত প্ৰৱেশ কৰিছিল ৰোহিংগ্যাই। অৱশ্যে ৫ গৰাকী মহিলা, ২১জন পুৰুষ, ১০টি শিশু থকা ৰোহিংগ্যাৰ দলটোক পুনৰ ম্যানমাৰলৈ ঘুৰাই পঠিয়াই বাংলাদেশৰ বিজিবিয়ে। ম্যানমাৰৰ আভ্যন্তৰীণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশলৈ পলায়ন কৰিছে বহু ৰোহিংগ্যা নাগৰিকে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.