অৱশেষত, পাঠক সমাজৰ মাজলৈ বিশিষ্ট সাহিত্যিক তথা গল্পকাৰ মৌচুমী কন্দলীৰ দুখন গ্ৰন্থ। কটন এলমনাই ভৱনত বিশিষ্ট সাহিত্যিক ও গল্পকাৰ মৌচুমী কন্দলীৰ ‘বাতায়ন’ আৰু ‘কলা বীক্ষণ’ৰ শুভ উন্মোচন। দেওবাৰে কটন কলেজ এলমনাই ভৱনত প্রথিতযশা গল্পকাৰ, কলা-সমালোচক মৌচুমী কন্দলীৰ শিল্পকলা বিষয়ক দুখনি গ্রন্থ ‘বাতায়ন’ আৰু ‘কলা বীক্ষণ’ৰ উন্মোচনী অনুস্থান সম্পন্ন হয়। অনুস্থানটোৰ আঁত ধৰে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী নীৰেন কাকতিয়ে। কিতাপ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে শিল্পী ননী বৰপূজাৰী আৰু সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট কবি সমীৰ তাঁতীয়ে। ভাষণ প্রসংগত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে অসমৰ কলা-বিষয়ত ড০ কন্দলীৰ গ্ৰন্থ দুখনিৰ প্ৰাসংগিকতা সম্পৰ্কে মতামত আগবঢ়াই নতুন প্ৰজন্মৰ কলা-চৰ্চাকাৰী তথা গৱেষকক দুয়োখন কিতাপে নতুন চিন্তাৰ খোৰাক যোগাব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানটোত লেখিকাই অসম তথা উত্তৰ-পূবৰ শিৱকলাৰ ক্ষেত্ৰখনৰ সৈতে সুদীর্ঘকাল জড়িত হৈ থকাৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰাৰ লগতে কিতাপ কেইখনত সন্নিবিষ্ট লেখাসমূহৰ আঁৰত থকা প্ৰেৰণা আৰু উদ্দেশ্যেৰ বিষয়ে অৱগত কৰে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাহিত্য সমালোচক অৰিন্দম বৰকটকী, নাট পৰিচালক ৰবিজিতা গগৈ আৰু ছবি নির্মাতা ৰীমা বৰা। আধুনিক শিল্পকলাৰ বিদ্যায়তনিক ক্ষেত্ৰখনত জড়িত হৈ থকা লেখক-গৱেষকৰ উপৰি ৰসগ্ৰাহী প্ৰতিজন পঢ়ুৱৈক ড° কন্দলীৰ কিতাপ দুখনে উপকৃত কৰিব বুলি তিনিগৰাকী অতিথিয়ে মত পোষণ কৰে। “বাতায়ন” আৰু “কলা বীক্ষণ’ৰ প্ৰকাশক ‘বান্ধৱ’। প্ৰকাশকৰ হৈ ৰঞ্জন শর্মাও সভাখনত উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট নৃত্যশিল্পী আৰু গৱেষক মল্লিকা কন্দলীয়ে। অসমত শিল্পকলা সম্পর্কীয় বিদ্যায়তনিক চর্চা তথা লেখা-মেলা এতিয়াও তাকৰীয়া। এইক্ষেত্ৰত গ্ৰন্থমেলাৰ বতৰত কলা বিষয়ক অসমীয়া কিতাপ দুখনৰ প্ৰকাশে বিশেষ তাৎপৰ্য বহন কৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.