প্ৰথমবাৰৰ বাবে নাজিৰাত অনুষ্ঠিত হ'ল টেবুল টেনিছ নাজিৰা এম. চি. ক্লাবৰ সৌজন্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল টেবুল টেনিছ প্ৰতিযোগিতা। ‘ফাৰ্ষ্ট অপেন টেবুল টেনিছ টুৰ্ণামেণ্ট’ নামেৰে আৰম্ভ কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বৃহত্তৰ নাজিৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে। ১২, ১৪ আৰু ১৬ বছৰ অনূৰ্ধ্বৰ খেলুৱৈসকলৰ মাজত ভাগ-ভাগ কৰি এই খেল অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গ’ল। নাজিৰা এম. চি. ক্লাবৰ য়ুথ উইংছৰ নেতৃত্বতে টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়। এদিনীয়াকৈ আয়োজন কৰা এই টেবুল টেনিছ প্ৰতিযোগিতাত অৰ্ধ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল। টেবুল টেনিছ খেলৰ প্ৰতি যিসকল আগ্ৰহী খেলুৱৈ আছে লগতে যিসকল প্ৰতিভাৱান গাঁৱৰ আগ্ৰহী খেলুৱৈ আছে, তেওঁলোকৰ প্ৰতিভাক বিকশিত কৰি তোলাৰ উদ্দেশ্যে এই টেবুল টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে নাজিৰা এম. চি. ক্লাবে। নাজিৰাৰ চুকে-কোণে সোমাই থকা প্ৰতিভাৱান খেলুৱৈসকলক একো-একোখন প্লেটফৰ্ম দিয়াৰ উদ্দেশ্য এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে এম. চি. ক্লাবে। বৰ্তমান সময়ত বেছিভাগ উঠি অহা প্ৰজন্মৰ মোবাইলৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা দেখা গৈছে যাৰ বাবে তেওঁলোকৰ খেলৰ প্ৰতিও ধাউতি নোহোৱা হৈছে। এই সন্ধিক্ষণত উঠি অহা প্ৰজন্মক মোবাইলৰ পৰিৱৰ্তে ক্ৰীড়াৰ ক্ষেত্ৰখনত কিদৰে আগবঢ়াই লৈ যাব পাৰি আৰু তেওঁলোকৰ প্ৰতিভা বিকাশ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব- এই চিন্তাধাৰা আগত লৈয়ে নাজিৰা এম. চি. ক্লাবে টেবুল টেনিছৰ লগতে সময়ে-সময়ে বিভিন্নধৰণৰ খেল আয়োজন কৰি অহা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত শিক্ষাৰ লগতে অন্যান্য দিশসমূহত নিজৰ সন্তানক আগবঢ়াই নিবৰ বাবে পিতৃ-মাতৃসকলো যথেষ্ট আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালভাৱে নাজিৰা এম. চি. ক্লাবে এনে এখন ক্ষেত্ৰ প্ৰদান কৰাৰ ফলত নাজিৰা অঞ্চলৰ টেনিছ খেলুৱৈসকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃৰ মনতো উৎসুকতা বৃদ্ধি পোৱা দেখা গ’ল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.