ঐতিহাসিক কীৰ্তিচিহ্নত প্ৰেমিক প্ৰেমিকাৰ নাম ঐতিহাসিক শিৱসাগৰ জিলা সমগ্ৰ অসমৰ ভিতৰতে ব্যতিক্ৰম। ৬০০ বছৰ ৰাজ শাসন কৰা আহোমৰ ইতিহাস গভীৰভাৱে জড়িত হৈ আছে শিৱসাগৰৰ সৈতে। আহোম শাসনৰ সময়ত নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহ অসমৰ অন্যান্য জিলাৰ তুলনাত শিৱসাগৰত আটাইতকৈ বেছি আছে। ইতিহাস প্ৰসিদ্ধ ঠাই হিচাপে পৰিচিত হোৱা শিৱসাগৰত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয় দৌল, শিৱদৌল, জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰীকে ধৰি অত্যধিক কীৰ্তিচিহ্ন আছে যিবোৰ চৰকাৰৰ লগতে শিৱসাগৰবাসীয়ে জীয়াই ৰখাৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু এইসকলৰ দৰে সজাগ সচেতন ব্যক্তিৰ মাজত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে এই কীৰ্তিচিহ্ন সমূহত আঘাত কৰা পৰিলক্ষিত হৈছে। বহুতে ঐতিহাসিক চিহ্নসমূহ চাবলৈ গৈ সেই ঠাইতে পিক পেলোৱাৰ দৰে কাৰ্য কৰা পৰিলক্ষিত হৈছে। আৰু পঢ়ক: ‘‘কোনো ৰাজ্যই যদি ২৫% সাহায্য দিয়ে, আমি ২৬% দিম’’, এডভাণ্টেজ আছাম 2.0ক লৈ মুম্বাইত উদ্যোগপতিৰে বৈঠক মুখ্যমন্ত্ৰীৰ মন্তব্য ইয়াৰোপৰি একাংশ পথভ্ৰষ্ট যুৱক-যুৱতীয়ে ঐতিহাসিক কীৰ্তিচিহ্নৰ দেৱালয় সমূহত অংকন কৰি লেতেৰা কৰি পেলাইছে। য’ত একাংশ উচ্ছৃংখল যুৱক-যুৱতীৰ যৌৱনৰ উন্মাদনাৰ নিম্নগামী চিন্তাধাৰা দেখিবলৈ পোৱা গৈছে। দেৱালয় সমূহত যাৰে তাৰে নাম লিখি পূৰ্বৰ ডিজাইন সমূহ সলনি কৰি লেতেৰা কৰি পেলোৱা পৰিলক্ষিত হৈছে। আৰু পঢ়ক: ইউৰিক এচিডৰ সমস্যা আছে নেকি? আজিৰেই পৰা আৰম্ভ কৰক এইসমূহ কাম! পাব পৰিত্ৰাণ একাংশ দুষ্ট চক্ৰই যিদৰে এই কীৰ্তিচিহ্ন সমূহত ঘহাই ঘহাই নাম লিখি অনিষ্ট কৰিছে এইবোৰ দেখি হয়টো বিদেশৰ পৰ্যটকো আচৰিত হৈ পৰিছে। ঐতিহাসিক কীৰ্তিচিহ্নত প্ৰেমিক প্ৰেমিকাৰ নাম লিখি ভালপোৱা প্ৰকাশ কৰাটো আচলতে গ্ৰহণযোগ্য হয় নে? কিমান নিম্ন মানসিকতাৰ লোকৰ এই কাম হ’ব পাৰে এই বিষয়ক লৈ আচৰিত হৈ পৰিছে সচেতন মহল। এনেধৰণৰ কৰ্মৰ জৰিয়তে বিদেশী পৰ্যটকৰ আগত আমাৰ নিজৰ নিম্ন মানসিকতাৰ পৰিচয় দিয়াৰ লগতে ঐতিহাসিক কীৰ্তিচিহ্ন সমূহক চূড়ান্তভাৱে যে অপমান কৰিছে সেই কথা কেতিয়া অনুভৱ কৰিব এইসকল উচ্ছৃংখল যুৱক-যুৱতীয়ে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.