১ ফেব্ৰুৱাৰী ২০২৫ৰ পৰা দেশজুৰি টিভি চাবলৈ আপুনি ভৰিব লাগিব এতিয়াতকৈ বেছি টকা। আচলতে সকলো টিভি ব্ৰডকাষ্টাৰ্ছে চেনেলৰ দাম বৃদ্ধিৰ ঘোষণা কৰিছে। সেয়েহে যদি আপুনি পেইড ডিটিএইচ চেনেলৰ ৰিচাৰ্জ কৰে, তেন্তে আপুনি অধিক টকা ভৰিব লাগিব। উল্লেখযোগ্য যে টিভি চেনেলৰ দাম এনে সময়ত বৃদ্ধি কৰাৰ ঘোষণা কৰা হৈছে, যেতিয়া দেশত অ’টিটি প্লেটফৰ্মৰ চাহিদা বৃদ্ধি পাই আছে। কিয় বৃদ্ধি কৰা হ’ব দাম? টিভি ব্ৰডকাষ্টাৰে দাবী কৰিছে যে কণ্টেণ্ট কাষ্টত ধাৰাবাহিকভাৱ খৰচ বাঢ়ি আছে, কিন্তু বিজ্ঞাপনৰ পৰা হোৱা উপাৰ্জন কমিছে। এনে অৱস্থাত ব্ৰডকাষ্টাৰে মিলি টিভি চেনেলৰ দাম বঢ়োৱাৰ ঘোষণা কৰিছে, কিয়নো তেওঁলোকৰ বােব কণ্টেণ্ট কোৱালিটী ভাল কৰি ৰখাত সমস্যা বাঢ়িছে। লগতে কোম্পানীৰ অপাৰেটিং কাষ্টৰ খৰচো বাঢ়িছে। ১০ শতাংশ বৃদ্ধি পাব দাম ইক’নমিক্স টাইমছৰ ৰিপ’র্ট অনুসৰি, টিভি ব্ৰডকাষ্টাৰ্ছ ছোনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়া (SPNI) আৰু জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেজ (ZEEL)ৰ ফালৰ পৰা চেনেলৰ পেকেজৰ দাম ১০ শতাংশৰ অধিক বৃদ্ধি কৰাৰ ঘোষণা কৰা হৈছে। লগতে জিঅ’ষ্টাৰেও নিজৰ চেনেলৰ পেকেজৰ দাম বৃদ্ধি কৰাৰ ইংগিত দিছে। এনে অৱস্থাত শীঘ্ৰে জিঅ’ ষ্টাৰৰ চেনেল পেকৰ দাম বাঢ়িব পাৰে। কিমান টকা বেছি ভৰিব লাগিব ছোনী পিকছাৰ্চ নেটৱৰ্কছ ইণ্ডিয়া (SPIN)ই নিজৰ চেনেল পেক হেপ্পী ইণ্ডিয়া স্মাৰ্ট হিন্দী পেকৰ দাম ৪৮ৰ পৰা বৃদ্ধি কৰি ৫৪ টকা কৰা হৈছে। জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেজৰ ফেমিলী পেক হিন্দী SDৰ দাম ৪৭ টকাৰ পৰা বৃদ্ধি কৰি ৫৩ টকা কৰা হৈছে। এই পেকত ইংলিছ এণ্টাৰটেইনমেণ্ট চেনেল জী কেফেক সংলগ্ন কৰা হৈছে। কোন টিভি চেনেলৰ কিমান ব্যৱহাৰকাৰী বৰ্তমান সময়ত ভাৰতত পেইড টিভি ছাবস্ক্ৰাইবাৰৰ সংখ্যা ১২০ মিলিয়নৰ পৰা হ্ৰাস হৈ ১০০ মিলিয়ন হৈছে। টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া অৰ্থাৎ TRAIৰ ৰিপ’ৰ্ট মতে, ছেপ্টেম্বৰ ২০২৪লৈ ডিশ্ব টিভি, এয়াৰটেল ডিজিটেল টিভি, টাটা প্লে’ আৰু ছান ডাইৰেক্টৰ পেইড এক্টিভ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৫৯.৯১ মিলিয়ন। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.