NEWS

Prashant Kishor Arrested: BPSCৰ পৰীক্ষা বাতিলৰ দাবীত অনশন, জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰক গ্ৰেপ্তাৰ

BPSCৰ পৰীক্ষা বাতিলৰ দাবীত অনিৰ্দিষ্টকাললৈ অনশনত বহা জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰক গ্ৰেপ্তাৰ। সোমবাৰে কাহিলীপুৱাতে বিহাৰ আৰক্ষীয়ে পাটনাৰ গান্ধী ময়দানৰ প্ৰতিবাদস্থলীৰ পৰা প্ৰশান্ত কিশোৰক আটক কৰিছিল। সোমবাৰে পুৱাই বিহাৰ আৰক্ষীয়ে প্ৰশান্ত কিশোৰক আটক কৰি পোনে পোনে এম্বুলেঞ্চযোগে AIIMSলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছিল। জন সূৰজ পাৰ্টীৰ মুৰব্বীগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে বলপূৰ্বকভাৱে স্বাস্থ্য পৰীক্ষা কৰায়। বিগত বৰ্ষত ৰাজ্যত অনুষ্ঠিত BPSC পৰীক্ষা বাতিল কৰাৰ বাবে পাটনাৰ গান্ধী ময়দানত প্ৰশান্ত কিশোৰে প্ৰতিবাদ কৰি আহিছে। পুৱাই প্ৰতিবাদস্থলীৰ পৰা প্ৰশান্ত কিশোৰক আটক কৰাৰ পাছতেই প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি হয়। বিগত বৰ্ষত ১৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৭০ সংখ্যক BPSC পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথ্য পোহৰলৈ অহাৰ পাছতেই ৰাজ্যখনত বহু পৰীক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পাটনাৰ বাপু পৰীক্ষা পৰিষদৰ কেন্দ্ৰত পৰীক্ষা ফাদিল হৈছিল প্ৰশ্নকাকত। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ১৪ ডিচেম্বৰত BPSC পৰীক্ষা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল শতাধিক শিক্ষাৰ্থীয়ে। এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৫ হাজাৰ ৯৮৪গৰাকী শিক্ষাৰ্থী। এই সমগ্ৰ পোহৰলৈ অহাৰ পাছতে শিক্ষাৰ্থীসকলৰ লগত প্ৰতিবাদত আৰম্ভণিৰে পৰা নেতৃত্ব দিছিল জন সূৰজ পাৰ্টীৰ মুৰব্বী প্ৰশান্তে কিশোৰে। বিগত বৰ্ষত পাটনাৰ গান্ধী মৈদানত প্ৰতিবাদ সাব্যস্ত কৰা শতাধিক প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰে হতাহতি লিপ্ত হৈছিল। প্ৰতিবাদকাৰীসকলে কেৱল গান্ধী মৈদানতে নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘৰৰ সন্মুখতো সাব্যস্ত কৰিছিল প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ ঘৰৰ বাহিৰৰ বেৰিকেড ভাঙি মুখ্যমন্ত্ৰী ঘৰ ঘেৰাও কৰাৰো চেষ্টা চলাইছিল প্ৰতিবাদকাৰীয়ে। পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদ শিক্ষাৰ্থীসকলৰ ওপৰত লাঠীচাৰ্জ কৰাৰ লগতে পানী হিলৈ নিক্ষেপ কৰে। ইয়াৰ পাছতেই BPSC পৰীক্ষা বাতিল দাবীত অটল থাকি জন সূৰাজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে ২ জানুৱাৰীৰ পৰা পাটনাৰ মৈদানত আমৰণ অনশন বহিছিল। BPSC পৰীক্ষা বাতিল নোহোৱা পৰ্যন্ত শিক্ষাৰ্থীসকলৰ হৈ আমৰণ অনশন অব্যাহত ৰাখিম বুলি কৈছিল প্ৰশান্ত কিশোৰে। শিক্ষাৰ্থীসকলৰ বাবে ন্যায় বিচাৰি সাব্যস্ত কৰা এই প্ৰতিবাদত ৰাহুল গান্ধী, তেজস্বী যাদৱৰ সমৰ্থন বিচাৰে জন সূৰজ পাৰ্টিৰ মুৰব্বীগৰাকীয়ে। এই আন্দোলন অৰাজনৈতিক ইয়াৰ দলৰ স্বাৰ্থত প্ৰতিবাদ হোৱা নাই বুলিও কয় প্ৰতিবাদকাৰী ৰূপ থকা প্ৰশান্ত কিশোৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.