উমৰাংছ’ৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু চিৎকাৰ। উমৰাংছ’ত কালামাটিৰ আছাম কয়লা খনিত আবদ্ধ প্ৰায় ২০ জন শ্ৰমিক। ইতিমধ্যে ৯ জন শ্ৰমিকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। আৰক্ষী, SDRFৰ লগতে উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় সেনাৰো সহায় লোৱা হৈছে। ইতিমধ্যে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। হাফলং, হোজাইৰ পৰা যোৱা SDRFৰ দলে উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত অভিযন্তা, আন দক্ষ কৰ্মচাৰীও জড়িত হৈ আছে। অত্যাধুনিক সা-সঁজুলিৰে আবদ্ধ শ্ৰমিকৰ দলটোক উদ্ধাৰৰ চেষ্টা কৰিছে উদ্ধাৰকাৰী দলে। ঘটনাস্থলীত উদ্ধাৰৰ বাবে উপস্থিত হৈছে NDRFৰ এটা দল। উল্লেখ্য যে সোমবাৰে অসম-মেঘালয় সীমান্তৰ কয়লাখনিত কৰ্মৰত অৱস্থাতে হঠাৎ আবদ্ধ হৈ পৰিছিল শ্ৰমিকসকল। উমৰাংছ’ৰ আৰক্ষী থানাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা কয়লাখনিটোত হঠাৎ পানীৰে ভৰি পৰিছিল। নিশাৰে পৰা পানী সিঁচা কাম আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। ইফালে ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উমৰাংছুত উপস্থিত হৈছে খনিজ দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়। ঘটনাস্থলীত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই সোমবাৰে নিশাই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত ঘটনাৰ খবৰ পোৱা হৈছিল। বিয়লিহে আৰক্ষী প্ৰশাসনে নিশ্চিত কৰিছিল আবদ্ধ হৈ থকাৰ কথা। উদ্ধাৰ অভিযানৰ বাবে কোনো সঁজুলি নথকাত আৰু আন্ধাৰৰ বাবে সোমবাৰে উদ্ধাৰ অভিযান চলাব নোৱাৰিলে। আছাম কয়লা খনিৰ ব্লক নম্বৰ ১৯ত সংঘটিত এই ঘটনা। প্ৰায় ২৪ ঘণ্টা ধৰি ৩০০ মিটাৰ গভীৰ খাদত আবদ্ধ হৈ আছে শ্ৰমিকসকল। খাদটোৰ ১০০ মিটাৰ পৰ্যন্ত পানী সোমোৱাত আবদ্ধ হৈ পৰিছে শ্ৰমিকসকল। অবৈধভাৱে কয়লা খনি খন্দা বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে। আছাম কয়লা খনি কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হৈছে। এই পৰ্যন্ত শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.