NEWS

Chattisgarh Explosion: ছত্তিশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ! আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি IED নিক্ষেপ মাওবাদীৰ, বিস্ফোৰণত ৯জন আৰক্ষী নিহত

ছত্তীশগড়ৰ বিজাপুৰত আৰক্ষীৰ গাড়ীত বিস্ফোৰণ মাওবাদীৰ। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। নিহত ৯ জনৰ ভিতৰত ৮ জন নিৰাপত্তা বাহিনীৰ সদস্য। লগতে গাড়ীৰ চালকৰো মৃত্যু হৈছে। প্ৰাৰম্ভিক খবৰ অনুসৰি, আই ই ডিটো সম্ভৱতঃ মাওবাদীয়ে বিস্ফোৰণ কৰিছিল। বিজাপুৰ জিলাৰ বেড্ৰে-কুট্ৰু পথত সংঘটিত হয় এই বিস্ফোৰণ। জানিব পৰা মতে, ছত্তীশগড়ৰ জংঘলত মাওবাদীৰ বিৰুদ্ধে চলি থকা অভিযান কালি শেষ হয়। সেই অভিযানত অংশগ্ৰহণ কৰা ২০ জন জোৱানক লৈ বাহনখন উভতি আহিছিল, ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। যোৱা শনিবাৰে ছত্তীশগড়ৰ বাষ্টাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ জন মাওবাদী নিহত হয়। শনিবাৰে বিয়লি ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীচালনা সংঘটিত হয়। সেই সংঘৰ্ষত ৫ জন মাওবাদীৰ মৃত্যু হয় এই সংঘৰ্ষত এজন আৰক্ষীৰ মুৰব্বী কনিষ্টবলৰো মৃত্যু হয়। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ মাওবাদীয়ে এই বিস্ফোৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে ছত্তীশগড় জিলাৰ গৰিয়াবন্দৰ কান্দেশ্বৰ গাঁৱত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হৈছিল। অসমৰ বাতৰি / খবৰ / দেশ / Chattisgarh Explosion: ছত্তিশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ! আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি IED নিক্ষেপ মাওবাদীৰ, বিস্ফোৰণত ৯জন আৰক্ষী নিহত Chattisgarh Explosion: ছত্তিশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ! আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি IED নিক্ষেপ মাওবাদীৰ, বিস্ফোৰণত ৯জন আৰক্ষী নিহত যোৱা শনিবাৰে ছত্তীশগড়ৰ বাষ্টাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ জন মাওবাদী নিহত হয়। অধিক পঢ়ক … 1-MIN READ Assam Chhattisgarh Last Updated : January 6, 2025, 6:20 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি ছত্তীশগড়ৰ বিজাপুৰত আৰক্ষীৰ গাড়ীত বিস্ফোৰণ মাওবাদীৰ। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। নিহত ৯ জনৰ ভিতৰত ৮ জন নিৰাপত্তা বাহিনীৰ সদস্য। লগতে গাড়ীৰ চালকৰো মৃত্যু হৈছে। প্ৰাৰম্ভিক খবৰ অনুসৰি, আই ই ডিটো সম্ভৱতঃ মাওবাদীয়ে বিস্ফোৰণ কৰিছিল। বিজাপুৰ জিলাৰ বেড্ৰে-কুট্ৰু পথত সংঘটিত হয় এই বিস্ফোৰণ। জানিব পৰা মতে, ছত্তীশগড়ৰ জংঘলত মাওবাদীৰ বিৰুদ্ধে চলি থকা অভিযান কালি শেষ হয়। সেই অভিযানত অংশগ্ৰহণ কৰা ২০ জন জোৱানক লৈ বাহনখন উভতি আহিছিল, ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। যোৱা শনিবাৰে ছত্তীশগড়ৰ বাষ্টাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ জন মাওবাদী নিহত হয়। শনিবাৰে বিয়লি ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীচালনা সংঘটিত হয়। সেই সংঘৰ্ষত ৫ জন মাওবাদীৰ মৃত্যু হয় এই সংঘৰ্ষত এজন আৰক্ষীৰ মুৰব্বী কনিষ্টবলৰো মৃত্যু হয়। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ মাওবাদীয়ে এই বিস্ফোৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে ছত্তীশগড় জিলাৰ গৰিয়াবন্দৰ কান্দেশ্বৰ গাঁৱত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হৈছিল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: chhattisgarh , National News First Published : January 6, 2025, 6:20 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.