NEWS

Sivasagar News: দিখৌৰ পাৰত বনভোজৰ দলৰ ভিৰ, নৈসৰ্গিক শোভা উপভোগ কৰি মতলীয়া ভিন্ন প্ৰান্তৰ লোক

হাজাৰ হাজাৰ গাড়ীৰে ভৰি পৰিছে বৰশিল বৰ্তমান বনভোজৰ সময়। অসমৰ বিভিন্ন প্ৰান্তত থকা বনভোজস্থলী সমূহত ভিৰ হৈছে বনভোজপ্ৰেমীৰ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কেৱল বনভোজৰ পৰিৱেশ। ২০২৪ বৰ্ষক বিদায় দি নতুন বছৰক আদৰাৰ উদ্দেশ্যে সকলোৱে বনভোজস্থলীত উপস্থিত হৈ পৰিয়াল, বন্ধু -বৰ্গৰ সৈতে মিলা-প্ৰীতিৰে এসাঁজ খোৱাৰ লগতে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। আটকধুনীয়াকৈ সজাই তোলা বনভোজস্থলী সমূহ মানুহৰ সমাগমত আৰু অধিক সুন্দৰ হৈ উঠিছে। ইয়াৰ সমান্তৰালভাবে অসম নাগালেণ্ড সীমান্তত ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰশিল অসম নাগালেণ্ড সীমান্তত অৱস্থিত হোৱা বাবেই বৰশিললৈ অসমৰ ভিন্ন প্ৰান্তৰ বনভোজ প্ৰেমী সকল অহা দেখিবলৈ পোৱা যায়। হাজাৰ হাজাৰ গাড়ীৰে ভৰি পৰিছে অসম নাগালেণ্ড সীমান্ত। হাজাৰ হাজাৰ গাড়ীৰ উপস্থিতিত বৰশিলৰ সৌন্দৰ্য অধিক সুকীয়া হৈ পৰিছে। ইয়াৰোপৰি দিখৌ নৈৰ পাৰত সকলোৱে মিলি প্ৰীতিৰে এসাঁজ খোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ তুলনাত এইবাৰ অধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ সৈতে বৰশিলৰ সম্পৰ্ক থকাৰ বাবেই ইতিহাস প্ৰসিদ্ধ এই ঠাইখিনিলৈ প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। দুখন ৰাজ্যৰ সীমাত উপস্থিত হৈ পাহাৰ আৰু দিখৌ নৈৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আনন্দ লোৱাৰ উদ্দেশ্যে প্ৰতিদিনেই বৰশিললৈ অগণনলোকৰ সমাহাৰ হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ নতুন বছৰ সোমোৱা লগে লগেই বৰশিললৈ অহা বনভোজপ্ৰেমীৰ সংখ্যাও বৃদ্ধি পোৱা দেখা গৈছে। পূৰ্বৰ দৰে পথৰ অৱস্হা ভাল হৈ থকা নাই বাবে বৰশিল ধূলিময় হৈ পৰিছে যদিও এইবোৰলৈ ভূক্ষেপ নকৰি অধিক লোক বৰশিললৈ অহা পৰিলক্ষিত হৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.