গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভণি অনুষ্ঠান। ২৫টা বৰ্ষ সগৌৰৱেৰে গৰকিলে গোলাঘাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে। নতুন দিগন্ত প্ৰসাৰৰ লক্ষ্যৰে গোলাঘাটৰ কেইজনমান স্বনামধন্য বাটকটীয়া আৰু শিক্ষা অনুৰাগী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত গঢ় লৈ উঠিছিল গোলাঘাট জাতীয় বিদ্যালয়ে। আজি ২৫ বছৰীয়া হ’ল গোলাঘাট জাতীয় বিদ্যালয়। গোলাঘাটবাসীৰ সপোনৰ এটা নাম গোলাঘাট জাতীয় বিদ্যালয়। তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিলে ৰূপালী জয়ন্তী আৰম্ভণি অনুষ্ঠান। গোলাঘাটৰ হামদৈৰ জোন হৈ জিলিকি উঠিছে বিদ্যালয়খন। গোলাঘাটৰ ভালে কেইজন স্বনামধন্য বাটকটীয়া আৰু শিক্ষানুৰাগী ব্যক্তিৰ দূৰদৰ্শী চিন্তা চৰ্চাৰে ২০০০ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয় খনত প্ৰজ্ঞাৰ কিৰণ ছটিয়াই উদ্ভাসিত হোৱা প্ৰয়াসেৰে বৰ্তমান অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰে বৰ্তমান এটা বৃহৎ পৰিয়াল। ২০০০ চনতে গোলাঘাটৰ হামদৈপুলৰ নাতি দূৰৈত গোলাঘাট জাতীয় বিদ্যালয় নামেৰে এটি জ্ঞানবৃক্ষৰপুলি ৰোপন কৰি কালক্ৰমত এই পুলিটিয়ে বৃক্ষৰ ৰূপ পালে। পাখি লগা কাড়ৰ দৰে ধাৱিত সময়ৰ বোকোচাত উঠি এই জ্ঞানৰ মন্দিৰটিয়ে সগৌৰৱেৰে থিয় দিলে ২৫টা বৰ্ষত। গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভণি উপলক্ষে তিনিদিনীয়াকৈ কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটিৰ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গোলাঘাটৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাৰ অংশগ্ৰহণৰে এক বিশাল শোভাযাত্ৰা বাহিৰ হয়। শোভাযাত্ৰাত অসমৰ থলুৱা গ্ৰাম্য চহা জীৱনৰ পটভূমিৰ পৰা জাতি, ধৰ্ম,বৰ্ণৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ বিশেষ অংশ প্ৰদৰ্শিত হয়। ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা, শুভাকাংশী আৰু গোলাঘাটবাসীৰ সমাহাৰেৰেবিশাল শোভাযাত্ৰাত অংশগ্ৰহণ গ্ৰহণ কৰা পৰিলক্ষিত হয়। সোণসেৰীয়া বাটেৰে আগুৱাই যোৱা বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষতে প্ৰদান কৰা হ’বৰূপালী জয়ন্তী বঁটা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত কেইবাটাও আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। হামদৈৰ নাতি দূৰৈত ২০০০ চনতেই প্ৰতিষ্ঠা হোৱা জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান হোৱা গোলাঘাট জাতীয় বিদ্যালয়ে সগৌৰৱেৰে জিলিকি নিজৰ স্বকীয়তা বজাই সকলোৰে সপোন হৈ পৰিছে। এনেদৰেই জোন হৈ জিলিকি থাকক গোলাঘাট জাতীয় বিদ্যালয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.